NORTHEAST NOW (Assamese)
অসম

এক বিস্ময়কৰ বালক! চকুত ক’লা কাপোৰ বান্ধিয়ে পঢ়িব পাৰে কিতাপ; কোন এই বিস্ময় বালক?

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা May 31, 2021 2:30 pm
Kaliabor11

কলিয়াবৰৰ এজন বিস্ময়কৰ শিশু। মাত্ৰ এঘাৰ বছৰীয়া এজন ছাত্ৰৰ চমক। চকু বান্ধি অনায়াসে পঢ়িব পাৰে কিতাপ। স্পৰ্শ কৰিয়ে ক’ব পাৰে আপুনি দিয়া কাৰ্ডখনৰ বৰণ। ছাত্ৰজনৰ এনে বিস্ময়কৰ কৰ্মই এতিয়া সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে।

কলিয়াবৰৰ ষষ্ঠ শ্ৰেণীৰ এই বিস্ময়কৰ ছাত্ৰজন হৈছে নমস্য পল্লৱ কাশ্যপ। মাত্ৰ এঘাৰ বছৰ বয়সতে চকু বান্ধি অনায়াসে কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়িব পৰাৰ লগতে স্পৰ্শ কৰিয়ে ক’ম পাৰে ম’বাইলৰ গেলাৰীত কাৰ ফটো উলিয়াই দিয়া হৈছে।

কলিয়াবৰৰ আখিৰঙা গাঁৱৰ দীপাংক পল্লৱ শইকীয়া আৰু ৰীতামনি শইকীয়া পুত্ৰ নমস্য পল্লৱ কাশ্যপৰ এনে পাৰদৰ্শিতাই এতিয়া সকলোকে আচম্বিত কৰি তুলিছে।

উল্লেখযোগ্য যে মাত্ৰ সাত বছৰ বয়সত কলিয়াবৰৰ কুঁৱৰীটোলত অহা দিৱ্য কাউনঞ্চিলিং প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোত এবছৰীয়া কৰ্মশালা কৰিছিল নমস্যই।

ইয়াৰ পিছৰে পৰা চকু বান্ধি অনায়াসে সকলো বস্তু হাতৰ স্পৰ্শতে ক’ব পৰা হৈ উঠে নমস্যই।

বৰ্তমান কেন্দ্ৰীয় বিদ্যালয় চেণ্টেল ইউনিৰ্ভাচিটি তেজপুৰৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ নমস্যৰ এনে সাফল্যত গৌৰাম্বিত পিতৃ-মাতৃ।