NORTHEAST NOW (Assamese)
অৰুণাচল

বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত নহয় অসমকে ধৰি চুবুৰীয়া ৰাজ্যৰ ভূমি : কিৰেণ ৰিজিজু

Posted by: এন ই নাও নিউজ March 29, 2018 8:16 am
কিৰেন ৰিজিজু

বৃহত্তৰ নাগালিম গঠনৰ বিষয়টোৱে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত সময়ে সময়ে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি অহাৰ সময়তে কালি লোকসভাত কিৰেণ ৰিজিজুৱে বৃহত্তৰ নাগালিমত অসম তথা আন চুবুৰীয়া ৰাজ্যৰ ভূমি অন্তৰ্ভুক্ত নহয় বুলি প্ৰকাশ কৰে।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী গৰাকীয়ে কয় যে ২০১৫ চনৰ আগষ্টতে স্বাক্ষৰিত নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টে অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ভৌগোলিক অখণ্ডতাক বিঘ্নিত নকৰে।

বৃহত্তৰ নাগালিম গঠনকলৈ ইয়াৰ চুবুৰীয়া ৰাজ্যকেইখনত চলি থকা প্ৰতিবাদ সম্পৰ্কে অৱগত বুলি উল্লেখ কৰি তেওঁ কয় যে চুবুৰীয়া ৰাজ্যকেইখনৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰিবলৈ কেন্দ্ৰ সম্পুৰ্ণৰূপে দায়বদ্ধ।

উল্লেখযোগ্য যে এন এছ চি এনে দাবী কৰা অনুসৰি নাগালিম গঠন হ’লে অসম, অৰুণাচল তথা মণিপুৰৰ বহু অঞ্চল নাগালিমত অন্তৰ্ভুক্ত হ’ব, সেয়ে নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ বাবে ৰাজ্যকেইখনৰ দল-সংগঠণ তথা জনসাধাৰণে দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে আজিলৈকে চুক্তিখন ৰাজহুৱা কৰা নায়।

এনে পৰিস্থিতিত কালি লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুয়ে কৰা ঘোষণাই ভৱিষ্যতে কি ফল দেখোৱাই সেয়া লক্ষ্যণীয় হ’ব।