NORTHEAST NOW (Assamese)
অসম

ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড SOP, কি আছে নতুন SOP ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2021 4:48 pm
assamlockdown-1619515787-750x375

ৰাজ্যত কোভিড পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে যদিও এতিয়াও বহু কেইখন জিলাত কোভিড সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই।

এনে সময়তে আজি ৰাজ্য চৰকাৰে পুনৰ এখন নতুন কোভিড SOP জাৰি কৰিছে।

নতুন নিৰ্দেশনা অনুসৰি যিবোৰ জিলাত এতিয়াও কোভিডৰ সংহাৰ হ্ৰাস পোৱা নাই,বিশেষকৈ কাচাৰ, তিনিচুকীয়া,ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱৰ ওপৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিব।

যদি চহৰ এখনৰ কোনো অঞ্চলত যোৱা এটা সপ্তাহত কোভিড পজিটিভিটিৰ হাৰ ৫ শতাংশ হৈ আছে আৰু গাঁও অঞ্চলৰ ক’ৰ’বাত বিগত এটা সপ্তাহত কোভিড পজিটিভিটিৰ হাৰ ১০ শতাংশ হৈ আছে তেন্তে তেনে অঞ্চলত কণ্টেইমেণ্ট জ’ন ঘোষণা কৰা হ’ব।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি হাফলঙত এক সংবাদেমেলত প্ৰকাশ কৰিলে নতুন SOP। অহা ২২ জুনলৈকে নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে এই নতুন SOP ত।

নতুন SOPৰ নীতি-নিৰ্দেশনাসমূহ হ’ল ক্ৰমে :-

কামৰূপ মেট্ৰ’ত কাৰ্ফিউ ২ বজাৰ পৰা পুৱা ৫ বজালৈ আগৰ দৰেই বাহাল থাকিব। দোকান বন্ধ কৰিব লাগিব পূৰ্বৰ দৰেই দিনৰ ১ বজাতেই।

দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত বিগত ১০ দিনত কোভিড পজিটিভ লোকৰ সংখ্যা প্ৰতিদিনে ৪০০ গৰাকীৰ কম হোৱাবাবে এইজিলা সমূহত কাৰ্ফিউৰ সময় কিছু শিথিল কৰা হৈছে।

সেইমৰ্মে এই জিলাসমূহত পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ মানুহে অহা-যোৱা কৰিব পাৰিব।

কোভিড নিয়ন্ত্ৰণ নহ’লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব নিয়ম।

দুটা ড’জ ভেকচিন লোৱা সকলো আহিব লাগিব কাৰ্যালয়লৈ।

গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম।

সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব।

ধৰ্মীয় অনুষ্ঠান, বিবাহ, সৎকাৰত সৰ্বাধিক ১০জনেহে ভাগ ল’ব পাৰিব।

পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নোপোৱালৈকে আন্তঃজিলা যাতায়াত বন্ধ থাকিব।