NORTHEAST NOW (Assamese)
অসম

সান্ধ্য আইনৰ মাজতে মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত চোৰৰ লুটপাত

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ June 26, 2021 10:34 am
Thief in Margherita final

মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অঞ্চলত চুৰৰ উপদ্ৰব দ্ৰুতগতিত বৃদ্ধি পাইছে।

যোৱা নিশা প্ৰায় এক-ডেৰ বজাত মাৰ্ঘেৰিটাৰ চাংলাঙ তিনিআলিৰ পৰা নিউ কল’নিলৈকে ৩১৫ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ ছয়খন বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে প্ৰবেশ কৰি প্ৰায় এক লক্ষ টকা নগদধন সহ বিভিন্ন সা-সামগ্ৰী লুট কৰি লৈ যায়।

চোৰে আনকি দানপাত্ৰ ভাঙি তাৰ টকাও লৈ যায়। চোৰে লুট কৰা ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ ভিতৰত আছিল হোটেল, ৰেচন দোকান আৰু মটৰ পাৰ্টচৰ দোকান।

কেইদিনমানৰ পূৰ্বে নামদাং অঞ্চলতো সংঘটিত হৈছিল চুৰি ঘটনা । সেইবাৰ ৩ লক্ষ টকাসহ বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ গৈছিল।

ইপিনে, আৰক্ষীৰ প্ৰতি প্ৰচণ্ড ক্ষোভ ৰাইজৰ। যি সময়ত সাধাৰণ ৰাইজে পথলৈ ওলালে আৰক্ষীৰ লাঠীৰ কোব খাব লগা হয় সেইসময়ত চোৰে কেনেকৈ নিৰ্বিঘ্নে নিশা ঘুৰি ফুৰিব পাৰিছে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰে।