NORTHEAST NOW (Assamese)
অসম

যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত সংযোজিত হ’ল অসমীয়াৰ দেহ-মনত ৰৈ-বৈ থকা ঢেঁকীশাল

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন June 27, 2021 12:39 pm
Dhekishal

অসমীয়াৰ পিছ চোতালৰ এক অবিচ্ছেদ্য অংগ আছিল ঢেঁকী শাল। বিহু আগমনৰ বতৰা দিয়া এই ঢেঁকীৰ শব্দত গুমগুমাই উঠে অসমীয়াৰ প্ৰাণ।

চহা জীৱনৰ এই এৰাব নোৱাৰা সামগ্ৰীবিধ এতিয়া যেন স্মৃতিৰ গৰ্ভত বিলীন হৈ যোৱাৰ উপক্ৰম হ’ল।

কেৱল বিহুৰ আগমনতেই যে ঢেঁকীৰ শব্দ শুনা যায়, এনে নহ’য়। পূৰ্বতে অসমীয়া ঢেঁকী শালৰ পৰা তৈয়াৰী চাউলেৰে জুহালৰ ভাতমুঠিয়ে পুৰাইছিল পেটৰ তাড়না।

বৰ্তমান চহা জীৱনৰ এই নিভাঁজ জীৱনশৈলীও নাই আৰু ঢেঁকী শালৰ সেই গুম গুমনিও নাই। এতিয়া এই সকলোবোৰ যেন স্মৃতি হৈ গ’ল আমাৰ বাবে।

পিচে, পুনৰ সেই নষ্টালজিক মুহূৰ্তক জীয়াই তুলিবলৈ ঢেঁকী শালৰ মাদকতা বিচাৰি গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ একক প্ৰচেষ্টাত যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত গঢ় লৈ উঠিছে অসমীয়া জীৱনৰ অনন্য চানেকি ঢেঁকী শাল। নিয়োজিত কৰিছে প্ৰায় ৩০ গৰাকী মহিলা।

ঢেঁকী শালৰ পৰাই স্বাৱলম্বীতাৰ সপোন দেখা এই সকল মহিলাই এতিয়া দৈনিক খুন্দিছে উখোৱা চাউল, কোমল চাউল, সান্দহ বা পিঠাগুৰি।

নিসন্দেহে বিধায়ক গৰাকীৰ এই প্ৰচেষ্টাই কেৱল যে ঢেঁকী শালৰ হেৰুৱা মান ঘূৰাই আনিছে এনে নহয়, বহু মহিলাই এতিয়া এই ঢেঁকী শালৰ পৰাই দেখিছে সপোন সোণালী পথাৰৰ ৰূপালী শইচৰ।