NORTHEAST NOW (Assamese)
অসম

৩০০ খন বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কেনেদৰে চলিছে চিকিৎসা সেৱা?

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 9, 2021 8:18 pm
Assam-Legislative-Assembly

ৰাজ্যত চিকিৎসা খণ্ডৰ প্ৰভূত উন্নয়ন হোৱা বুলি চৰকাৰে দাবী কৰি আহিছে যদিও ৩০০ খন বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কেনেদৰে চলিছে চিকিৎসা সেৱা?

শিৱসাগৰ অসামৰিক চিকিৎসালয়। ৩০০ বিচনাযুক্ত এইখন চিকিৎসালয়ত এতিয়া চিকিৎসকৰ অভাৱত ৰাতি জৰুৰীকালীন সেৱাৰ দায়িত্ব পালন কৰে এগৰাকী আয়ুৰবেদিক চিকিৎসকে।

দীৰ্ঘদিনধৰি শিৱসাগৰ অসামৰিক চিকিৎসালত চিকিৎসকৰ অভাৱৰ বিষয়ে বিভিন্ন দল-সংগঠনৰ লগতে একাংশ সচেতন ব্যক্তিয়ে চৰকাৰ প্ৰশাসনক অৱগত কৰিছিল যদিও এই ক্ষেত্ৰত আজিপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল।

ইপিনে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত জৰুৰীকালীন সেৱাৰ লগতে প্ৰতিটো বিভাগত পৰ্যপ্ত চিকিৎসক নিয়োগ কৰিবলৈ দাবী জনায় আজি বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।