NORTHEAST NOW (Assamese)
অসম

লক্ষ্য মুখ্যমন্ত্রী! বিধান সভাৰ অধিবেশনৰ প্ৰথমটো দিনতেই সদনৰ বাহিৰত বিৰোধীৰ প্ৰতিবাদ

Posted by: অনিৰ্বান পাঠক Updated by: অনিৰ্বান পাঠক July 12, 2021 12:25 pm
Screenshot_20210712-104851-750x375

সোমবাৰে অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধায়কৰ ক্ষমতাক লৈ কৰা শেহতীয়া মন্তব্যৰ বিৰুদ্ধে সদনৰ বাহিৰত বিৰোধী বিধায়কসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে।

‘গণতন্ত্ৰ ৰক্ষা কৰক’ বুলি শ্ল’গান দি বিৰোধী বিধায়কসকলে সদনৰ বাহিৰত বিধান সভা চৌহদত প্ৰতিবাদ কৰে।

কংগ্ৰেছ আৰু এআইইউডিএফৰ বিৰোধী বিধায়কসকলে প্ৰতিবাদৰ নেতৃত্ব দিয়ে।

বিৰোধী বিধায়কসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অলপতে সৰভোগ সমষ্টিৰ এখন ৰাজহুৱা সভাত কৰা তেওঁৰ মন্তব্য উঠাই ল’বলৈ দাবী জনায়।

‘’অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এগৰাকী বিধায়কৰ ভূমিকা আৰ দায়বদ্ধতা সম্পৰ্কে ভুল তথ্য বিয়পোৱাৰ লগতে ক্ষমতা কৰ্তনৰ চেষ্টা চলাই ৰাজ্যখনত এক স্বৈৰাচাৰী ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছে। এয়া গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি,’’-বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কয়।

তেওঁ লগতে কয়,’’সংবিধানে বিধায়কসকলৰ ভূমিকা আৰ দায়বদ্ধতাৰ কথা বিশেষভাৱে উল্লেখ কৰিছে। বিধায়কসকলে তেওঁলোকৰ নিজৰ সমষ্টিৰ অন্যান্য বিষয়ৰ লগতে আঁচনিৰ লাভ সৰ্বসাধাৰণে পাইছে নে নাই তাৰ চোৱাচিতা কৰিব। বিধায়সকল কেবল আইন প্ৰণয়ন কৰাৰ বাবে তথা অধ্যক্ষৰ আগত বক্তৱ্য ৰখাৰ বাবে নহয়।‘’

আনহাতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়,’’অসমৰ মুখ্যমন্ত্ৰীয়ে এজন অপৰিপক্ক ব্যক্তিৰ দৰে অৰ্থহীন কথা কোৱা উচিত নহয় আৰু গণতন্ত্ৰ তথা সংবিধানক সন্মান কৰা উচিত।‘’

অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এগৰাকী বিধায়কৰ ক্ষমতা কেবল আইন প্ৰণয়ন কৰাহে, সেইবোৰৰ ৰূপায়ন কৰাৰ কাম মন্ত্ৰীসকলৰ।

মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁ যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি সকলো চৰকাৰী বিষয়াই বিধায়কৰ নহয়, মন্ত্ৰীসকলৰ কথাহে শুনিব।