NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ দুৰামাৰীত বিদ্যুৎ কৰ্তন : ৰাইজৰ মাজত হাহাকাৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 15, 2021 12:43 pm
drone

বিদ্যুৎ বিভাগে বিদ্যুৎ কৰ্তন কৰি দিয়াত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দুৰামাৰী গাঁৱৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে।

গাঁৱৰ ৰাইজে সদৰী কৰা মতে উক্ত অঞ্চলৰে এগৰাকী বিদ্যুৎ মিটাৰ ৰিদাৰ হিচাপে বিভাগীয় ভাৱে নিযুক্তিপ্ৰাপ্ত ইদ্ৰিছ আলীয়ে বহু দিন পৰাই বিদ্যুৎ পৰিচালনা কৰি আহিছে।

ইদ্ৰিছ আলীৰ কথা মতেই ৰাইজে বিদ্যুৎ বিভাগক বিল দি আহিছে।

প্ৰতিটো মাহত গ্ৰাহকৰ বিল আদায় কৰি লৈ যায় যদিও বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিল নিদিয়াকৈ হজম কৰি আহিছে বুলি ৰাইজে অভিযোগ কৰে।

নিজে গ্ৰাহকৰ পৰা ধন লৈ  মিটাৰ নোহোৱাকৈ বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ দিয়াৰো অভিযোগ উত্থাপিত হৈছে।

যাৰ ফলত দুটাকৈ বাল্ভ জ্বলোৱা পৰিয়ালৰ বিল ১৭০০ টকালৈ আহিছে।

দুই সহস্ৰাধিক পৰিয়াল থকা উক্ত অঞ্চলৰ গ্ৰাহকৰ মাজত একাংশই বিল দিয়া আৰু নিদিয়া বাবে ইতিমধ্যে বিভাগে বিদ্যুৎ কৰ্তন কৰি দিলে , যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।

উৎকট গৰমত সহিব নোৱাৰা হৈছে আৰু গাঁৱৰ শিক্ষাৰ্থী সকলৰ পঢ়া শুনাত সমস্যাই দেখা দিছে । কাৰণ বৰ্তমান কোভিডৰ বাবে অনলাইন পৰীক্ষা আদি চলি আছে।

সেয়ে ভুক্তভোগী গ্ৰাহক সকলে মিটাৰমান ইদ্ৰিছ আলীক আঁতৰাই দি অন্য এজন মিটাৰমেন নিযুক্তি দি পুনৰ বিদ্যুৎ সংযোগ কৰি দিবলৈ সংশ্লিষ্ট বিভাগলৈ আহ্বান জনাইছে।