NORTHEAST NOW (Assamese)
অসম

দৰঙী কৃষ্টিৰ সাধক দ্ৰোণ ভূঞাক মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী বঁটা প্ৰদান

Posted by: এন ই নাও নিউজ March 30, 2018 1:13 pm
ghy1

কলিয়াবৰৰ বিশিষ্ট শিক্ষাবিদ, মুক্তিযুঁজাৰু কমল মহন্তৰ সোঁৱৰণত আগবঢ়োৱা জীৱনজোৰা সাধনা বঁটা দৰঙী কৃষ্টি-সংস্কৃতিৰ একনিষ্ট সাধক স্বনামধন্য শিল্পী দ্ৰোণ ভূঞাক বৃহস্পতিবাৰে প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ বাকৰিত অনুষ্ঠিত লোক উৎসৱ-২০১৮ৰ আঠদিনীয়া কৰ্মাশালাৰ সামৰণী অনুষ্ঠানৰ সৈতে সংগতি  ৰাখি অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত ভূঞাক ‘মুক্তিযুঁজাৰু কমল মহন্তৰ সোঁৱৰণী জীৱনজোৰা সাধনা বটাঁ’ প্ৰদান কৰা হয়।

বটাঁৰ সৈতে ২০ হেজাৰ টকা, মানপত্ৰ, অংগবস্ত্ৰ, শৰাই, জাপি আদি আগবঢ়োৱা হয় শিল্পী গৰাকীক।  আনহাতে বঁটা গ্ৰহণ কৰি দ্ৰোণ মহন্তই দৰঙী কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰে।

উল্লেখযোগ্য যে জি এল পি ছ’চিয়েল চাৰ্কোল, ব্যতিক্ৰম ম্যাছাডো, নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন আৰু কটন বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰ্মশালাখনৰ বৃহস্পতিবাৰে সামৰণী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, পদ্মশ্ৰী যতীন গোস্বামী, প্ৰথিতযশা শিল্পী সুদক্ষিণা শৰ্মা, থাইলেণ্ডৰ বিশিষ্ট শিক্ষাবিদ কাৰিন খমৰিচ, শান্তি নিকেতনৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰহ্লাদ ৰয়, শিল্পী তৃষ্ণা দেৱী,’অসমীয়া খবৰ’ৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, সু-চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লোক উৎসৱৰ আহ্বায়ক তথা কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক জীনা ৰাজকুমাৰীয়ে সু-প্ৰশিক্ষিত কৰা শতাধিক প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীয়ে কেইবাটাও বিহু, বিহুনাচ আৰু হাজং নৃত্য পৰিৱেশন কৰি আকৰ্ষণীয় কৰি তোলে অনুষ্ঠানটো।

কৰ্মশালাৰ সহযোগী প্ৰশিক্ষক হিচাপে আছিল পাট মাদৈ মৌচুমী বৰা, ৰূপজ্যোতি কোঁৱৰ, বিদ্যা হাজং আৰু লক্ষ্মীৰাণী হাজং।