NORTHEAST NOW (Assamese)
অৰুণাচল

প্ৰাক্তন কংগ্ৰেছী সাংসদৰ দাবী চীনে অৰুণাচলৰ যুৱকক চীনৰ PLA ত ভৰ্তি কৰোৱাৰ চেষ্টা চলাইছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2021 6:52 pm
Ninong Ering

প্ৰাক্তন কংগ্ৰেছ সাংসদ নিনং এৰিঙে কয় যে চীনে অৰুণাচল প্ৰদেশৰ যুৱকক চাইনীজ পিপল’ছ লিবাৰেশ্যন আৰ্মি (PLA) ত ভৰ্তি কৰোৱাৰ বাবে চেষ্টা চলাই আছে।

‘’আমি এতিয়ালৈ লাভ কৰা তথ্য মতে চীনৰ PLAই তিব্বতৰ লগতে অৰুণাচলৰ পৰাও যুৱকক ভৰ্তি কৰোৱাৰ চেষ্টা চলাইছে। এইটো অত্যন্ত চিন্তাৰ বিষয় আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা তথা গৃহ মন্ত্ৰ্যালয়ে এয়া গুৰত্বসহকাৰে লোৱা উচিত,’’-লোকসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয়।

এৰিঙে কয় যে চীনৰ সীমান্তত বসবাস কৰা নিশি, আদি, মিছিমি, ইদু সম্প্ৰদায়ৰ লোকসকলৰ চীনৰ এলহ’বা সম্প্ৰদায়ৰ লোকসকলৰ সৈতে কিছু সাদৃশ্য আছে।

‘’অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত বসবাস কৰা লোকলৰ আৰু এলহ’বা সম্প্ৰদায়ৰ লোকসকলৰ ভাষাৰ মাজত সাদৃশ্য আছে। কিন্তু সেইটোৱে নুবুজায় যে তেওঁলোকে চীনৰ PLAত যোগদান কৰিব বিচাৰিব,’’-তেওঁ কয়।

কংগ্ৰেছ নেতাগৰাকীয়ে আনহাতে কয় যে যিধৰণে তেওঁলোকে বিছাত গৃহ নিৰ্মাণ কৰিছে তথা গেহলিং আৰু আনিনিত পথ নিৰ্মাণ কৰিছে, তালৈ চাই অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলৰ বাসিন্দাসকলক চীনৰ দ্বাৰা প্ৰভাৱিত নহ’ব বুলি উৰুৱাই দিব নোৱাৰি।

‘’মই প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ক অনুৰোধ জনাব খোজো যে বিষয়টো গুৰুত্ব সহকাৰে ল’ব লাগে আৰু আমাৰ সীমান্ত সুৰক্ষিত কৰিবলৈ অৰুণাচলী যুৱকক বিভিন্ন বাহিনীসমূহত মকৰল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে,’’- প্ৰাক্তন সাংসদ গৰাকীয়ে কয়।