NORTHEAST NOW (Assamese)
অসম

জাগীৰোড আৰু পাঁচগ্ৰামস্থিত কাগজ কলৰ কৰ্মচাৰীৰ তিনিমাহৰ দৰমহা মুকলি

Posted by: এন ই নাও নিউজ March 31, 2018 9:31 pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰ্যালয়ে আজি হিন্দুস্তান পেপাৰ কৰ্পৰেশ্বনৰ অধীনৰ জাগীৰোডস্থিত নগাঁও কাগজ কল আৰু পাঁচগ্ৰামস্থিত কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ তিনিমাহৰ দৰমহা মুকলি কৰি দিয়ে।

কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰ্যালয়ে দৰমহাৰ বাবদ দিবলগীয়া ধন আজি হিন্দুস্তান পেপাৰ কৰ্পৰেশ্বনলৈ হস্তান্তৰ কৰে।

শনিবাৰে এক বিবৃতি যোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ তিনি মাহৰ মুকলি কৰি দিয়াৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গুৰু উদ্যোগ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ দপ্তৰৰ মন্ত্ৰী আনন্দ গীটেক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সম্পৰ্কত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰীৰ লগত অনুষ্ঠিত হোৱা আলোচনাকালত কাগজ কল দুটাৰ কৰ্মচাৰীৰ দৰমহা মুকলি কৰি দিয়াৰ বাবে অনুৰোধ জনাই আহিছিল।

আনহাতে উদ্যোগ দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে পক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।