NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত বৃদ্ধি পাইছে বিদ্ৰোহী সংগঠনৰ কুচ-কাৱাজ

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 17, 2021 10:54 am
Meghalaya

মেঘালয়ত বৃদ্ধি পাইছে কেইটামান বিদ্ৰোহী সংগঠনৰ কুচ-কাৱাজ- এই কথা সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

শ্বিলং টাইমছৰ এটি সাক্ষাৎকাৰত তেওঁ কয় যে,চোৰাংচোৱাৰ তথ্য মতে ৰাজ্যখনত বিদ্ৰোহী সংগঠনৰ গতি-বিধিৰ কথা জানিব পৰা গৈছে। সেয়ে ৰাজ্যৰ সকলো জিলাতে আৰক্ষীয়ে অনুসন্ধান তথা অভিযান আৰম্ভ কৰিছে।

বিৰোধী নেতা মুকুল চাংমায়ে মঙ্গলবাৰে উদ্বেগ প্ৰকাশ কৰিছিল যে,ৰাজ্যখনৰ গাৰো পাহাৰ আৰু পশ্চিম খাচী পাহাৰত এন ডি এফ বিৰ কেডাৰৰ গতি-বিধি লক্ষ্য কৰা হৈছে।

ৰাজ্যৰ বহু যুৱ প্ৰজন্মও এই বিদ্ৰোহী সংগঠনসমূহৰ প্ৰতি আকৃষ্ট হোৱা বুলিও তেওঁ অভিযোগ কৰিছিল।

‘’আমি এই ক্ষেত্ৰত যথেষ্ট সজাগ হৈ আছো। প্ৰকৃত তথ্য নোপোৱালৈকে কোনো বিশেষ গোটৰ নাম উল্লেখ কৰা উচিত নহ’ব,কিন্তু এইটো ঠিক যে কিছু ঠাইত বিদ্ৰোহী সংগঠনৰ উপস্থিতি ধৰা পৰিছে’’- সাক্ষাৎকাৰটোত এইদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী চাংমাই।