NORTHEAST NOW (Assamese)
অসম

অসমত ফুড পাৰ্ক স্থাপনৰ পৰিকল্পনা কৰিছে ফিউচাৰ গ্ৰুপে

Posted by: এন ই নাও নিউজ April 2, 2018 12:54 pm
k-570x320

কিশোৰ বিয়ানীৰ নেতত্বৰ ফিউচাৰ গ্ৰুপে অসমত ফুড পাৰ্ক আৰু ফ্ল’ৰ মিল (আটা মিল) স্থাপনৰ কথা ব্যক্ত কৰিছে। গ্ৰুপটোৱে ঘোষণা কৰিছে যে তেওঁলোকে উত্তৰ-পূব ভাৰতত ইয়াৰ খুচুৰা সেৱা কেন্দ্ৰ মুকলি কৰিব।

দেওবাৰে গুৱাহাটীত উপস্থিত হোৱা বিয়ানীয়ে কয়, ‘’মই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত কথা পাতিছো আৰু আমি ফুড পাৰ্ক তথা ফ্ল’ৰ মিল স্থাপন কৰাৰ পৰিকল্পনা কৰিছো।‘’

তেওঁ কয়, ‘আমি এই ফ্ল’ৰ মিলত আমাৰ ব্ৰেণ্ডৰ ‘দেশী আটা’ উৎপাদন কৰিব। বৰ্তমান আমি ফুড পাৰ্ক স্থাপন কৰিব পৰা বিভিন্ন স্থান নিৰীক্ষণ কৰি আছো। আমি ইয়াৰ বিভিন্ন প্ৰকাৰৰ ধানৰ অধ্যয়ন চলাই আছো।‘’

দেওবাৰে গুৱাহাটীত ফিউচাৰ গ্ৰুপে ইয়াৰ প্ৰথমটো চেন্ট্ৰেল ষ্ট’ৰ মুকলি কৰে। গ্ৰুপটোৱে লগতে গুৱাহাটীত ২০ টা ইজি ডে’ ষ্ট’ৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে।

গ্ৰূপটোৱে লগতে অসমৰ ডিব্ৰুগড়, বঙাইগাওঁ, তেজপুৰ আৰু তিনিচুকীয়াত বিগ বাজাৰৰ শাখা মুকলি কৰাৰো পৰিকল্পনা কৰিছে। তেওঁলোকে লগতে বিগ বাজাৰৰ শাখা মেঘালয়ৰ শ্বিলঙত, মিজোৰামৰ আইজলত আৰু অৰুণাচল প্ৰদেশৰ ইটানগৰতো স্থাপনৰ কথা ঘোষণা কৰিছে।

বিয়ানীয়ে কয় যে গুৱাহাটীৰ চেন্ট্ৰেল ষ্ট’ৰত তেওঁলোকে প্ৰায় ৩৫০ কোটি টকা বিনিয়োগ কৰিছে। ‘’আমি গুৱাহাটীত আৰু দুটা বিগ বাজাৰৰ শাখা মুকলি কৰিম। গুৱাহাটীত বৰ্তমান এটা বিগ বাজাৰৰ শাখা আছে। এইটো দেশৰ বিগ বাজাৰৰ শাখাসমূহৰ ভিতৰত তৃতীয় বৃহৎ ফেশ্যন আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ,’’-ইক’নমিক টাইমছে প্ৰকাশ কৰিছে।

বিয়ানীয়ে কয় যে বিমুদ্ৰাকৰণ আৰু জিএছটি ৰূপায়নে ব্যৱসায়ত বৰকৈ প্ৰভাৱ নেপেলায়।