NORTHEAST NOW (Assamese)
অসম

বিজেপি মন্ত্ৰীৰ অদ্ভুত মন্তব্য—’৯৫ শতাংশ ভাৰতীয়ৰেই নাই পেট্ৰ’লৰ প্ৰয়োজন’!

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 22, 2021 4:45 pm

যিটো সময়ত পেট্ৰ’ল-ডিজেলকে ধৰি আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দেশবাসীক কোঙা কৰিছে সেই সময়তে বিজেপিৰ একাংশ নেতাই মূল্যবৃদ্ধিৰ প্ৰসংগত কৰা কেতবোৰ মন্তব্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ উত্তৰ প্ৰদশেৰ যোগী আদিত্যনাথ নেতৃত্বাধীন মন্ত্ৰীসভাৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী উপেন্দ্ৰ তিৱাৰীয়ে কৰা এক মন্তব্যই বেছ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

পশ্চিম উত্তৰপ্ৰদেশৰ এখন সভাত ভাষণ দি মন্ত্ৰী তিৱাৰীয়ে কয় যে ৯৫ শতাংশ ভাৰতীয়ৰেই পেট্ৰ’লৰ প্ৰয়োজন নাই।

কাৰণ গৰিষ্ঠসংখ্যক ভাৰতীয়ৰে নাই চাৰিচকীয়া বাহন।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিৰোধী দল সমূহে চৰকাৰক সমালোচনা কৰিবলৈ ইচ্যুৰ অভাৱ ঘটিছে।

সেইবাবেই পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ প্ৰসংগলৈ বিৰোধীয়ে মিছাতে চৰকাৰক সমালোচনা কৰাত লাগিছে।

তেওঁ লগতে কয়—২০১৪ চন আৰু এতিয়াৰ সময়লৈ মন কৰক। মোদীজী আৰু যোগীজী ক্ষমতালৈ অহাৰ পিছতে দেশৰ জনমূৰি আয় দুগুণ হৈছে।

উত্তৰপ্ৰদেশৰ মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই দেশজুৰি চঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী দলৰ মুৰব্বী অখিলেশ যাদৱে মন্ত্ৰী তিৱাৰীক টুইটাৰত উভতি ধৰিছে।

যাদৱে কৈছে যে কিছুদিন পিছত মন্ত্ৰী তিৱাৰীৰো পেট্ৰ’লৰ প্ৰয়োজন নাথাকিব।

কাৰণ উত্তৰ প্ৰদেশত বিজেপিও নাথাকিব আৰু মন্ত্ৰী তিৱাৰীও নাথাকিব।