NORTHEAST NOW (Assamese)
অসম

By-Election হাই প্ৰফাইল সমষ্টিৰূপে পৰিগণিত থাওৰা; তাৰ মাজতে ব্যতিক্ৰমী প্ৰচাৰ দুই দলৰ সমৰ্থকৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ October 25, 2021 10:05 am
Thaora Byelection campaign

By-Election যোৱা কেইদিন ধৰি কি কংগ্ৰেছ, কি বিজেপি, থাওৰালৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আগমন ঘটিছে মুখ্যমন্ত্ৰীকে ধৰি বহু হাই প্ৰফাইল নেতা মন্ত্ৰী-বিধায়কৰ।

কিন্তু এনে জাকজমক প্ৰচাৰৰ পৰিৱৰ্তে নিৰৱে প্ৰচাৰত ব্যস্ত হৈছে দুটা দলৰ প্ৰাৰ্থী।

ইপিনে, ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ হৈ প্ৰচাৰ অভিযানত ব্যস্ত দলীয় কৰ্মী। সমষ্টিৰ প্ৰতিঘৰ মানুহৰ ঘৰত উপস্থিত হৈ প্ৰচাৰ অভিযানত ব্যস্ত দলীয় কৰ্মীসকল।

বিগত ডেৰমাহৰ পৰাই এইদৰে থাওৰাৰ প্ৰতিখন গাওঁ, প্ৰতিটো অঞ্চললৈ গৈ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ হৈ প্ৰচাৰ চলায় আহিছে।

অখিল গগৈয়েও থাওৰা সমষ্টিৰ ৰাইজৰ কাষলৈ গৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে।

আনহাতে, চিপিআইৰ দলৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়েও বিশাল নিৰ্বাচনী সভা পাতি প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে ৰাইজৰ মাজলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে।

থাওৰাৰ উপ নিৰ্বাচনত এই দুই শক্তিশালী নেতাই কংগ্ৰেছ-বিজেপিৰ অংকত আউল লগোৱাটো নিশ্চিত।

অৱশ্যে থাওৰাত শেষ হাঁহি কোনে মাৰিব সেয়া ৩০ অক্টোবৰতহে থাওৰাবাসীয়ে নিৰ্দ্ধাৰণ কৰিব।