NORTHEAST NOW (Assamese)
অসম

CJI NV Ramana কিয় শুনানিৰ মাজতে দেশৰ মুখ্য ন্যায়াধীশ ৰামান্নাই ক’লে, ‘মই অষ্টম শ্ৰেণীতহে ইংৰাজী শিকিছিলো’?

Posted by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2021 10:57 am
CJI Ramana

CJI Ramana দিল্লীৰ প্ৰদূষণ বিষয়ক লৈ শনিবাৰে চলি থকা শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না আৰু ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি হয়।

কিছু সময় পাছত দুয়োগৰাকীয়ে এই বিভ্ৰান্তিৰ মূলতে ভাষাই দায়ী বুলি বুজিব পাৰে। তেতিয়াই দুয়োগৰাকীৰ অকপট স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে অষ্টম শ্ৰেণীৰ পৰাহে ইংৰাজী পঢ়িবলৈ আৰম্ভ কৰিছিল।  

তুষাৰ মেহতাই জ্বলন প্ৰদূষণ সম্পৰ্কত এখন নথি জমা কৰাৰ সময়ত এক ভুল বুজাবুজিৰ সৃষ্টি হয়। পাছত তেওঁ সেই ভুলৰ বাবে ক্ষমাও বিচাৰে।

মেহতাই কয়, ‘’কেতিয়াবা আইনজীৱী হিচাপে যি ভাষাত আমি কথা ক’বলগীয়া হয় সি এটা ভুল বাৰ্তাৰ সৃষ্টি কৰিব পাৰে। কিন্তু সেয়া মোৰ উদ্দেশ্য নাছিল।‘’

Also Read: Lal Thanhawla নতুনৰ বাবে বাট এৰি দি ৰাজনীতিৰ পৰা অৱসৰৰ কথা ঘোষণা মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাৱলাৰ

ইয়াৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই কয় যে তেওঁ এইটোক তেওঁৰ নিজৰ ভুল বুলি বিবেচনা কৰে। তেওঁ কয় যে তেওঁ ‘ভাল পৰিশীলিত বক্তা’ নহয়।

মুখ্য ন্যয়াধীশগৰাকীয়ে কয়, ’’দুৰ্ভাগ্যজনকভাৱে মই ভাল পৰিশীলিত বক্তা নহয় মিষ্টাৰ মেহতা, এইটোৱে মোৰ দোষ। মই অষ্টম শ্ৰেণীত ইংৰাজী শিকিছিলো।‘’

লগে লগে ছলিচিটৰ জেনেৰেল মেহতাই কয় যে তেওঁ নিজেও অষ্টম শ্ৰেণীতহে ইংৰাজী শিকিছিল আৰু স্নাতক পৰ্যন্ত গুজৰাটী মাধ্যমত পঢ়াশুনা কৰিছে।

Also Read: Grenades Recovered আসাম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ পাছতে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত উদ্ধাৰ M79 গ্ৰেনেড

ইপিনে, মুখ্য ন্যায়াধীশগৰাকীয়েও জানিবলৈ দিয়ে যে তেওঁৱো তেলেগু মাধ্যমতে বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ইংৰাজী মাধ্যমত আইন বিষয়হে অধ্যয়ন কৰিছিল।

তুষাৰ মেহতাই পাছত কয় যে মোৰ আৰু মুখ্য ন্যায়াধীশৰ মাজত এই সাদৃশ্যৰ কথা জনা নাছিলো। ইয়াক লৈ আমি সঁচাকৈয়ে গৌৰৱান্বিত।