NORTHEAST NOW (Assamese)
অসম

Malala Yousafzai graduated: অক্সফ’ৰ্ডৰ পৰা আনুষ্ঠানিকভাৱে স্নাতক ডিগ্ৰী লাভ কৰিলে নোবেল বিজয়ী মালালাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 28, 2021 9:07 am
Malala

Malala Yousafzai graduated শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজাই অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে স্নাতক ডিগ্ৰী লাভ কৰিলে।

২৪ বছৰ বয়সীয়া মালালাই ডেৰ বছৰ পূৰ্বেই অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে।

কিন্তু কৰ’না অতিমাৰীৰ পৰিস্থিতিৰ বাবে সমাৱৰ্তন অনুষ্ঠান পিছুৱাই দিয়া হৈছিল। শুকুৰবাৰে বিশ্ববিদ্যালয়খনে মালালাৰ হাতত এই সন্মান তুলি দিয়ে।

Also Read: Cell Culture Laboratory Inaugurated গুৱাহাটীৰ জি আই পি এছৰ চৌহদত গৱেষণাৰ বাবে “চেল কালচাৰ” লেবৰেটৰী স্থাপন

ব্ৰিটেইনৰ প্ৰসিদ্ধ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সেই আনন্দৰ মুহূৰ্তৰ ছবি মালালাই তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে।

19malala-videoSixteenByNineJumbo1600

মালালাই শ্বেয়াৰ কৰা ছবিত তেওঁৰ স্বামী আছাৰ মালিককো দেখা যায়।

মালালাই তেওঁৰ এই বিশেষ মুহূৰ্তৰ ছবিসমূহ ইনষ্টাগ্ৰামত প’ষ্ট কৰি লিখিছে যে আপাতত: মই এটা ডিগ্ৰী লাভ কৰিলো।