NORTHEAST NOW (Assamese)
অসম

চাহ শ্ৰমিকৰ প্ৰাপ্য ধন অনাদায়ত দেশৰ শীৰ্ষত অসম, ১৫ বছৰে চৰকাৰে দিবলে আছে ২৪৯ কোটি টকা; ধন মোকলোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ April 5, 2018 9:24 pm
tea-workers in assam

১৫ বছৰ ধৰি প্ৰাপ্য ধন নোপোৱা চাহ বাগানৰ শ্ৰমিকসকলক আন্তঃকালীনভাৱে ১২৭ কোটি টকা মোকলাই দিবলে অসমকে ধৰি কেৰালা, তামিলনাডু আৰু পশ্চিম বংগ চৰকাৰক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

ইণ্টাৰনেশ্বনেল ইউনিয়ন অৱ ফুড এচ’চিয়েশ্বন আৰু পশ্চিম বংগ খেত মজদুৰ সমিতিয়ে দাখিল কৰা এক অৱমাননা আবেদন (contempt petition)ৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এচ এ’ ভবদে আৰু এল নাগেশ্বৰ ৰাওৰ বিচাৰপীঠে ৪ এপ্ৰিলত এই নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা কৰা পৰিসংখ্যা অনুসৰি ২৪৯ কোটি টকাৰে শ্ৰমিকসকলৰ প্ৰাপ্য অনাদায়ৰ শীৰ্ষত অসম থকাৰ বিপৰীতে তামিলনাদুৱে ৭০ কোটি, পশ্চিম বংগই ৩০ কোটি আৰু কেৰালাই দিবলে আছে ২৭ কোটি টকা।

৬০ দিনৰ ভিতৰত প্ৰাপ্য ধনৰ অন্ততঃ আধাখিনি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰসমূহক সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে।

এদশকতকৈও অধিক কাল ধৰি প্ৰাপ্য ধন নোপোৱাকৈ থকা শ্ৰমিকসকলৰ দুৰ্দশাৰ কথা বিবেচনা কৰি এই ধন আদায়ত আৰু অধিক পলম নকৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশটোত কোৱা হৈছে।

আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কলিন গঞ্জালৱেজে যুক্তি প্ৰদৰ্শন কৰিছিল।

আদালতৰ এই নিৰ্দেশৰ ফলত তিনি লাখতকৈও অধিক চাহ শ্ৰমিক উপকৃত হ’ব।

ৰাজ্যসমূহত চাহ বাগান চলাই থকা কোম্পানিসমূহৰ বিষয়ববীয়াকো পৰৱৰ্তী শুনানিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।