NORTHEAST NOW (Assamese)
অসম

Road Accident কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন; দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকসহ চালকক আটক

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ December 4, 2021 7:22 am
Accident death

Road Accident কলিয়াবৰত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। নিহত লোকজনক মিছা কলবস্তিৰ সুভাষ নমোদাস বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, মিছা বজাৰৰ পৰা কলবস্তিৰ নিজা ঘৰলৈ সুভাষ নমোদাস নামৰ লোকজন গৈ থকা অৱস্থাত নগাঁও দিশৰ পৰা কলিয়াবৰ অভিমুখে গৈ থকা এখন তীব্ৰ বেগী চিমেণ্ট ভৰ্তি ট্ৰাকে লোকজনক মহতীয়াই নিয়ে।

গুৰুতৰভাৱে আহত সুভাষ নমোদাসক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু ঘটে।

Also Read: Covid Update অ’মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ? 

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে ML 04 A 8482।

আনহাতে, দুর্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন কলিয়াবৰৰ দিশে পলায়নৰ চেষ্টা কৰোতেই মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিকান্ত সজাতিৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে অতি তৎপৰতাৰে চালকসহ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে।