NORTHEAST NOW (Assamese)
অসম

Black box উদ্ধাৰ হ’ল বায়ু সেনাৰ অভিশপ্ত বিমানৰ ব্লেক বক্স, সংসদত ৰাজনাথ সিঙৰ বিবৃতি প্ৰদান

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 9, 2021 11:54 am

কালি চিডিএছ বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ লগতে মুঠ ১২ জন লোকৰ মৃত্যু ঘটা ভয়ংকৰ দুৰ্ঘটনাৰ কাৰণ হয়তো অচিৰেই নিৰ্ণিত হ’ব।

আজি নীলগিৰি পৰ্বতৰ অৰণ্যৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে বায়ু সেনাৰ অভিশপ্ত বিমান খনৰ ব্লেক বক্স।

ব্লেক বক্সৰ তথ্য বিশ্লেষণ কৰি দুৰ্ঘটনাটোৰ কাৰণ নিশ্চিত কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

ইপিনে আজি সংসদত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে হেলিকপ্তাৰ দুৰ্ঘটনাটো সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে।

ৰাজনাথ সিঙে কয় যে কালি দুপৰীয়া ১২-০৮ বজাত হেলিকপ্তাৰ খনৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল আৰু ১২-৪০ বজাত হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হৈছিল।

দুৰ্ঘটনাত নিহত ডিডিএছ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ লগতে আন নিহতসকলৰ মৃতদেহ আজি বিয়লি চাৰি বজাত নতুন দিল্লীলৈ অনা হ’ব।

ৰাৱাটৰ লগতে আন সকলো মৃতকৰে শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি সিঙে কয়।

তেওঁ লগতে কয় যে দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত বৰুণ সিং বৰ্তমান লাইফ চাপোৰ্টত আছে আৰু তেওঁক সুস্থ কৰি তুলিবলৈ চিকিৎসকসকলে প্ৰাণপণে চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখ্য কালি এক ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত নিহত হৈছিল ভাৰতৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাট।

এই ভয়ংকৰ দুৰ্ঘটনাটোত বিপিন ৰাৱাটৰ পত্নী মধুলিকা ৰাৱাটৰো মৃত্যু ঘটিছিল।

দুৰ্ঘটনাটোত ১৪ গৰাকী লোকৰ মাজৰে ১৩ গৰাকীৰে মৃত্যু ঘটে।

বিপিন ৰাৱাটে তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে আন কেইবাজনো লোকৰ সৈতে হেলিকপ্তাৰ খনৰে ছুলুৰৰ পৰা যাত্ৰা কৰি থকাৰ সময়তে তামিলনাডুৰ কুনুৰত হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হৈছিল।

ভাৰতীয় বাযু সেনা বাহিনীৰ এম আই চিৰিজৰ হেলিকপ্তাৰ খন আজি দিনৰ ১২ বাজি ৪০ মিনিটত কোম্বাইটৰ আৰু আৰু ছুলুৰৰ মাজৰ কুনুৰত দুৰ্ঘটনাত পতিত হয় ।

দুৰ্ঘটনাৰ ফলত হেলিকপ্তাৰ খন খণ্ড-বিখণ্ড হৈ পৰাৰ লগতে জুইত জাহ যায়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটো জুই আৰু ধোঁৱাই আৱৰি ধৰে।

বুধবাৰে তামিলনাডুৰ কুনুৰত ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটা চিডিএছ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া কাইলৈ নতুন দিল্লীত সম্পন্ন কৰা হ’ব ।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত এই কথা প্ৰকাশ কৰা হৈছে।

আজি সন্ধিয়া তামিলনাডুৰ পৰা ভাৰতীয় বায়ু সেনা বাহিনীৰ বিশেষ বিমানেৰে ৰাৱাট আৰু তেওঁৰ পত্নীৰ মৃতদেহ নতুন দিল্লীলৈ অনা হ’ব।

কাইলৈ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ মৃতদেহ লৈ নতুন দিল্লীৰ কামৰাজ মৰ্গৰ পৰা ব্ৰাৰ স্কোৱেৰলৈ এক সমদল উলিওৱা হ’ব।

ইপিনে কালিৰ দুৰ্ঘটনাটোৰ পিছতে বহু সময় ধৰি চিডিএছ বিপিন ৰাৱাট জীয়াই আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে।
ৰাৱাটক চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু ঘটিছিল।