NORTHEAST NOW (Assamese)
Popular Stories

Miss Universe 2021:২১ বছৰ প্ৰতীক্ষাৰ অৱসান! ভাৰতৰ হাৰনাজ সান্ধুৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2021 9:50 am
WhatsApp Image 2021-12-13 at 9.42.17 AM

Miss Universe 2021 সুদীৰ্ঘ ২১ বছৰৰ প্ৰতীক্ষাৰ অৱসান ঘটিল। ইজৰাইলত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ৭০ সংখ্যক সংস্কৰণত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে চণ্ডীগড়ৰ যুৱতী হাৰনাজ সান্ধুৱে।

সুস্মিতা সেন আৰু লাৰা দত্তৰ পাছত তৃতীয়গৰাকী ভাৰতীয় সুন্দৰী হিচাপে হাৰনাজে মিছ ইউনিভৰ্ছিৰ খিতাপ জয় কৰিলে। সুস্মিতা সেনে ১৯৯৪ত আৰু লাৰা দত্তই ২০০০চনত এই খিতাপ জয় কৰিছিল।

২১ বছৰীয়া হাৰনাজ সান্ধুৱে শীৰ্ষ তিনিগৰাকী প্ৰতিযোগিতাৰ মাজত স্থান লাভ কৰাৰ পাছত এই খিতাপ জয় কৰিলে। আন দুগৰাকী পাৰাগুৱে আৰু দক্ষিম আফ্ৰিকাৰ প্ৰতিযোগীক পৰাজিত কৰি হাৰনাজে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।

হাৰনাজক বিজয়ীৰ খিতাপ শিৰত পিন্ধাই দিয়ে ২০২০ৰ মিছ ইউনিভাৰ্ছ খিতাপ বিজয়ী মেক্সিকোৰ এন্দ্ৰিয়া মেজাই।

২০১৮চনত হাৰনাজে মিছ ইণ্ডিয়া পঞ্জাৱ খিতাপ লাভ কৰাৰ পাছত দ্য লেণ্ডাৰ্ছ মিউজিক ভিডিঅ’ তেৰাতালিতো কাম কৰিছিল।

https://twitter.com/MissUniverse/status/1470227063789563907?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1470227063789563907%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2Fharnaaz-sandhu-miss-universe-2021-indias-harnaaz-sandhu-miss-universe-2021-crown-comes-home-after-21-years-2648220

ইয়াৰ পাছত যোৱা ছেপ্টেম্বৰত হাৰনাজে মিছ ডিভা ইউনিভাৰ্ছ ইণ্ডিয়া ২০২১ৰ খিতাপ অৰ্জন কৰে। অভিনেত্ৰী কৃতি মেননে হাৰনাজক এই মুকুট শিৰত পিন্ধাই দিছিল।