NORTHEAST NOW (Assamese)
অসম

ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছন: পাকিস্তান বাহিৰ, ভাৰতৰ বাহাল ৰ’ল সদস্য পদ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 13, 2021 9:33 pm

চীন, পাকিস্তান আদিৰ পৰা ভাৰতৰ সাগৰীয় পথেৰে আহি থকা অহৰহ ভাবুকিৰ মাজতে ভাৰতে ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনৰ সদস্য পদ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে।

ইয়াৰ বিপৰীতে সংস্থাটোৰ সদস্য পদ বিচাৰি মুখ থেকেচা খাবলগীয়া হৈছে ভাৰতৰ চিৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তান।

ব্ৰিটেইনৰ লণ্ডনত ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনৰ সন্মিলনত ভাৰতৰ সদস্য পদ ভোটৰ জৰিয়তে নিশ্চিত কৰা হয়।

ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনৰ সদস্য পদৰ বাবে অনুষ্ঠিত ভোটত ভাৰতে ১৩৩ টা ভোট লাভ কৰি সংস্থাটোৰ খ শাখাৰ সদস্য পদ বাহাল ৰাখিবলৈ সক্ষম হয়।

ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনৰ খ শাখাৰ দেশ সমূহ হৈছে ক্ৰমে অষ্ট্ৰেলিয়া, ব্ৰাজিল,কানাডা, ফ্ৰান্স,জাৰ্মানী, নেডাৰলেণ্ড,স্পেইন,ছুইডেন আৰু সংযুক্ত আৰৱ গণৰাজ্য।

১৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব সংস্থাটোৰ সন্মিলন। এই সন্মিলনত সংস্থাটোৰ ১৭৫ খন সদস্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছে।

সংস্থাটোৰ ক শাখাৰ সদস্য ৰাষ্ট্ৰ কেই খন হৈছে ক্ৰমে চীন, গ্ৰীচ,ইটালী, জাপান,নৰ’ৱে, পানামা,দক্ষিণ কোৰিয়া,ৰাছিয়া, ব্ৰিটেইন,আমেৰিকা।