NORTHEAST NOW (Assamese)
অসম

অসমত ভুৱা ডক্টৰে’টধাৰী অধ্যাপক থকাৰ কথা স্বীকাৰ শিক্ষা মন্ত্ৰীৰ; মগধ, বিনায়ক বিঃ বিঃৰ ডিগ্ৰীৰে নাপাব চাকৰি, কৰা হ’ব সত্যাসত্য পৰীক্ষা

Posted by: এন ই নাও নিউজ April 6, 2018 10:31 pm
himanta biswa sarma

ৰাজ্যৰ উচ্চ শিক্ষা ক্ষেত্ৰত ভয়ংকৰ জালিয়াতিৰ অভিযোগ তুলি ৰাজ্যত আনুমানিক ৬০০ গৰাকী ভুৱা ডক্টৰে’ট ডিগ্ৰীধাৰী থকা বুলি নাগৰিক সুৰক্ষা মঞ্চ, অসম নামৰ সংগঠনটোৱে যোৱা ১ এপ্ৰিলত এক সংবাদ মেলত বিস্ফোৰক দাবী কৰাৰ পিছত আজি ৬ এপ্ৰিলত বিধান সভাত এই অভিযোগৰ সত্যতা মানি লৈ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে।

বিহাৰৰ মগধ, ৰাজস্থানৰ সিংহানিয়া বিশ্ববিদ্যালয় আদি ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা ধনৰ বিনিময়ত ভুৱা ডিগ্ৰী লোৱা বহু শতাধিক লোকে অসমৰ বহু কলেজত অধ্যাপনা কৰি থকা বুলি মঞ্চটোৱে অভিযোগ উত্থাপন কৰাৰ পিছত আজি শিক্ষা মন্ত্ৰীগৰাকীয়ে সদনত ‘মগধ–বিনায়ক বিশ্ববিদ্যালয়ৰ পি এইচ ডিৰে নাপাব চাকৰি’ বুলি ঘোষণা কৰে। তেওঁ লগতে ঘোষণা কৰে যে অসমৰ বিশ্ববিদ্যালয়সমূহ আৰু দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বাহিৰে আন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লোৱা একাংশক তেওঁলোকৰ ডিগ্ৰীৰ সত্যাসত্য নিৰূপণৰ বাবে মতা হ’ব।

অৱশ্যে ৰাজ্যত সন্দেহযুক্ত ডিগ্ৰীধাৰী অধ্যাপক কিমান আছে বা তেওঁলোকৰ ডিগ্ৰী পৰীক্ষণ কেতিয়াকৈ কৰা হ’ব বা পৰৱৰ্তী ব্যৱস্থা কি লোৱা হ’ব সেই সম্পৰ্কে আজি শিক্ষা মন্ত্ৰী শৰ্মাই অধিক উল্লেখ কৰা নাই।

ভুৱা ডিগ্ৰী লৈ বঙাইগাওঁ জিলাৰ তিনিখন মহাবিদ্যালয়ত সাতজনে অধ্যাপনা কৰি থকা বুলি মঞ্চই অভিযোগ কৰিছিল। আনকি এই সন্দৰ্ভত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মাল’ৱে ১৮ মে’ ২০১৭ চনত পত্ৰযোগে জনোৱাৰ পিছতো অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ে কোনোধৰণৰ তদন্ত কৰা নাই বুলি মঞ্চই দাবী কৰিছিল।

লক্ষণীয় যে এই কেলেংকাৰীৰ বিষয়ে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইসময়ৰ বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত দাসকো সংগঠনটোৱে জনাইছিল যদিও তেওঁলোকে কোনো পদক্ষেপ লোৱা নাছিল বুলিও মঞ্চৰ উপদেষ্টা আচিৰুদ্দিনে সংবাদ মেলখনত অভিযোগ কৰিছিল।