NORTHEAST NOW (Assamese)
অসম

Breaking News মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী; অধ্যক্ষই সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিৰোধীৰ সদন ত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2021 12:47 pm
ALA

Breaking News আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতে বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ পৰে সদন।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী প্ৰসংগকলৈ কংগ্ৰেছে অনা সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অগ্ৰাহ্য কৰাত বিৰোধীয়ে সদন ত্যাগ কৰে।

উল্লেখ্য যে আজি পুৱাৰ ভাগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ উত্তাল হৈ পৰে সদন।

বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰিছিল।

Also Read: Breaking মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী প্ৰসংগকলৈ উত্তপ্ত বিধানসভা; দহ মিনিটৰ বাবে স্থগিত সদন

ইপিনে, প্ৰধান বিৰোধী দল কংগ্ৰেছেও আনিছিল ভূমি কেলেংকাৰীৰ প্ৰসংগৰে সভা স্থগিতৰ প্ৰস্তাৱ।

উক্ত প্ৰস্তাৱতো সদনৰ মজিয়াত পাঠ কৰি নিদিয়াত ক্ষুব্ধ হৈ পৰিছিল বিধায়ক অখিল গগৈৰ লগতে অন্যান্য বিৰোধী বিধায়কসকল।

তাৰমাজতে শাসকীয় বিধায়কসকলেও উত্থাপন কৰে অখিল গগৈৰ অৰ্কিড পাৰ্কৰ ভূমি বেদখলৰ প্ৰসংগ।

শাসক বিৰোধীৰ বাক যুদ্ধত সদন উত্তাল হৈ পৰাত ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হৈছিল বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

Also Read:মৰিয়নিত পদ্মশ্ৰী দুলাল মানকি সম্বৰ্দ্ধিত; ঝুমুৰৰ তালে তালে নৃত্য বিধায়ক ৰূপজ্যোতিৰ

কিন্তু সদনৰ কামকাজ আৰম্ভ হোৱাৰ পাছত পুনৰ বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱক লৈ সদন উত্তাল হৈ পৰে।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী প্ৰসংগকলৈ কংগ্ৰেছে অনা সভা স্থগিত প্ৰস্তাৱটো অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অগ্ৰাহ্য কৰে।

ইয়াৰ পাছতে কংগ্ৰেছ-এআইইউডিএফকে ধৰি বিৰোধীয়ে সদন ত্যাগ কৰে।