NORTHEAST NOW (Assamese)
অসম

অসমলৈ চৰকাৰী বাছ চলোৱাৰ সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ; ২৬ ডিচেম্বৰত আৰম্ভ হ’ব এই বাছসেৱা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 23, 2021 7:13 pm
Bus run from WB to Assam

চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ অসম সীমান্তৰ উত্তৰবংগৰ কোচবিহাৰ, আলিপুৰ দুৱাৰকে ধৰি বিভিন্ন জিলাৰ পৰা অসমলৈ বিভিন্ন কামত মানুহ অহাযোৱা কৰে।সেইদৰে অসমৰ পৰাও চুবুৰীয়া ৰাজ্যখনলৈ মানুহ গৈ থাকে।

বহুদিন ধৰি পশ্চিমবংগৰ পৰা অসমলৈ বাছসেৱা বন্ধ থকাৰ বাবে এই লোকসকল সমস্যাৰ সন্মুখীন হৈ আহিছিল।

অসম আৰু বংগৰ মাজত আঢ়ৈ বছৰ ধৰি বাছসেৱা বন্ধ থকাৰ পাছত পুনৰ বাছ চলাচলৰ ব্যৱস্থা কৰিবলৈ সাজু হৈছে পশ্চিমবংগ চৰকাৰ।

উত্তৰবংগ ৰাষ্ট্ৰীয় পৰিবহন সংস্থাই অহা ২৬ ডিচেম্বৰৰ পৰা পুনৰ এই পথত বাছসেৱা আৰম্ভ কৰিব।

Also Read: প্ৰাৰ্থীৰ অপৰাধমূলক তথ্য ৱেবচাইট, টেলিভিচনত ৰাজহুৱা কৰিব লাগিব ৰাজনৈতিক দলে

উক্ত বাছসেৱা চলিবলগীয়া পথসমূহৰ ভিতৰত আছে কোচবিহাৰৰ পৰা ধুবুৰী, আলিপুৰদুৱাৰৰ পৰা বাৰোবিছা হৈ কোকৰাঝাৰ, বঙাইগাঁৱলৈকে। লাহে লাহে এই সংস্থাই অসমলৈ আন পথসমূহেৰেও বাছ চলাব। ইতিমধ্যে এই সন্দৰ্ভত অনুজ্ঞাপত্ৰৰ সমস্যা দূৰ হোৱা বুলি কোৱা হৈছে।

আনহাতে, বৰ্তমান বংগৰ পৰা অসমলৈ বাছসেৱা চলাচলত কোনো বাধা নাই বুলি ধাৰণা কৰা হৈছে। এই বাছসেৱাই বাণিজ্যিক দিশতো যথেষ্ট অৰিহনা যোগাব বুলি অনুমান কৰা হৈছে।