NORTHEAST NOW (Assamese)
অসম

বিশ্বত কোভিডৰ চতুৰ্থ ঢৌৰ মাজতে ভাৰতত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৩৫৮লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 24, 2021 7:49 pm

সমগ্ৰ বিশ্বতে এতিয়া পুনৰ নতুন ৰূপত মূৰ দাঙি উঠিছে কালান্তক কোভিড। বিগত কেইটামন দিনৰ ভিতৰতে ৯ লাখ লোক বিশ্বত কোভিডত আক্ৰান্ত হৈছে।

ভাৰতত আজি অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫৮ গৰাকী হোৱাৰ কথাই নতুন চিন্তাৰ উদ্ৰেক ঘটাইছে। অমিক্ৰনৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে আজি কেন্দ্ৰীয় স্বাস্থ্য বিভাগে দেশবাসীক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে ভাৰতত অমিক্ৰনত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে। সেয়ে দেশবাসীয়ে এতিয়া পূৰ্বতকৈও অধিক সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে।

ভূষণে লগতে কয় যে বিশ্বত এতিয়া কোভিডৰ চতুৰ্থ ঢৌ আৰম্ভ হৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কালি দেশৰ কোভিড পৰিস্থিতিকলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছিল।

ভূষণে লগতে কয় যে ইউৰোপ, উত্তৰ আমেৰিকা,আফ্ৰিকা আদিতকৈ এছিয়াত কোভিড সংক্ৰমণৰ হাৰ নিম্নগামী হৈছে।

ভাৰতত প্ৰতিদিনে প্ৰায় ৭০০০ লোক কোভিডত আক্ৰান্ত হৈ আহিছে বুলি তেওঁ কয়।

বিশ্বৰ সামগ্ৰিক কোভিড পজিটিভিটিৰ হাৰ ৬ শতাংশ যদিও ভাৰতত সেয়া ৫.৩ শতাংশ হৈ আহিছে বুলি স্বাস্থ্য সচিবগৰাকীয়ে কয়।

কেৰালা আৰু মিজোৰামত পজিটিভিটিৰ হাৰ বেছি হৈ থকা বুলি তেওঁ কয়।

দেশৰ ১৭ খন ৰাজ্যত এতিয়া অমিক্ৰনে সংহাৰ চলাইছে।