NORTHEAST NOW (Assamese)
অসম

সৰুপথাৰৰ টেঙাবাৰীত কিশোৰী সন্ধানহীন, অপহৰণৰ সন্দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 25, 2021 2:46 pm
Teen missing

গোলাঘাট জিলাৰ সৰুপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত টেঙাবাৰীত এগৰাকী কিশোৰী সন্ধানহীন হোৱাৰ ঘটনাত অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে।

১৫ বছৰীয়া কিশোৰীগৰাকী যোৱা নিশা কাষৰে গীৰ্জাগৃহত উপাসনাৰ বাবে যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।

কিশোৰীগৰাকীৰ পিতৃয়ে স্থানীয় সংবাদকৰ্মীৰ আগত কিশোৰীগৰাকীক অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰে।

ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে ইতিমধ্যে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।