NORTHEAST NOW (Assamese)
দেশ

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা, ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব নিৰ্বাচন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 8, 2022 4:44 pm
7-phase election in UP, results for all states on March 10

ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে।

উত্তৰ প্ৰদেশৰ ৪০৩ খন বিধানসভা আসন, পঞ্জাৱত ১১৭ খন, উত্তৰাখণ্ডত ৭০ খন মণিপুৰত ৬০ খন আৰু গোৱাত ৪০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই কয়। পাঁচখন ৰাজ্যত সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব

উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব। ১০ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোট দান হোৱাৰ পিছত ক্ৰমে ১৪ ফেব্ৰুৱাৰী, ২০ ফেব্ৰুৱাৰী, ২৩ ফেব্ৰুৱাৰী, ২৭ ফেব্ৰুৱাৰী, ৩ মাৰ্চ আৰু ৭ মাৰ্চত উত্তৰ প্ৰদেশত ভোটদানৰ পৰ্যায়সমূহ ধাৰ্য কৰা হৈছে।

পঞ্জাৱ, গোৱা আৰু উত্তৰাখণ্ডত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব।

সেইদৰে মণিপুৰত ৩ মাৰ্চত ভোটদান হ’ব।

১০ মাৰ্চত নিৰ্বাচনৰ ভোটগণনা হ’ব।

কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জানুৱাৰীলৈকে কোনো ৰোড শ্ব’, পদযাত্ৰা, চাইকেল বা বাইক ৰেলী আৰু শোভাযাত্ৰাৰ অনুমতি দিয়া নহ’ব।পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত নতুন নিৰ্দেশনা জাৰী কৰা হ’ব বুলি মুখ্য নিৰ্বাচন আয়ুক্তই জানিবলৈ দিয়ে।

আনহাতে ৰাজনৈতিক দলবোৰে তেওঁলোকৰ ৱেবছাইটত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে বাছনি কৰা ব্যক্তিসকলৰ অপৰাধমূলক গোচৰৰ অমীমাংসিত বিতং তথ্য আপলোড কৰাটো বাধ্যতামূলক হ’ব বুলি তেওঁ লগতে কয়।

“আমি পাঁচখন ৰাজ্যত সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণৰ সৈতে ব্যাপক প্ৰস্তুতিৰে ক’ভিড-সুৰক্ষিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য ৰাখিছো। সকলো ভোটকেন্দ্ৰত চেনিটাইজাৰ আৰু মাস্কসহ ক’ভিদ কেন্দ্ৰিক সুবিধা থাকিব। লগতে ক’ভিদ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুথৰ সংখ্যা বৃদ্ধি কৰা হৈছে।” মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই লগতে কয়।