NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ দৌৰত কোন এই ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনাক?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 15, 2022 9:59 am
WhatsApp Image 2022-01-15 at 9.02.39 AM

কোভিড বিধি ভংগ কৰি বাৰে বাৰে পাৰ্টিৰ আয়োজন কৰাৰ অভিযোগ উঠাৰ পাছত সংকট পৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। নিজৰ দল কনজাৰভেটিভ পাৰ্টিৰ একাংশ সদস্যয়ো আনকি তেওঁ পদৰ পৰা আঁতৰি দিয়াটো বিচাৰিছে।

ইয়াৰ মাজতে দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে চৰ্চালৈ আহিছে এগৰাকী ভাৰতীয় বংশোদ্ভৱ ব্যক্তি ৪১ বৰ্ষীয় ঋষি ছুনাকৰ নাম। ঋষি ছুনাক কনজাৰভেটিভ পাৰ্টিৰ ছেঞ্চেলৰ।

ঋষি ছুনাকৰ পিতৃ চিকিৎসক আৰু মাতৃ এগৰাকী ফাৰ্মাচিষ্ট। ঋষিয়ে অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁৰ পঢ়াশুনা সমাপ্ত কৰিছে।

ঋষিয়ে ইনফ’ছিছৰ সহ প্ৰতিষ্ঠাপক নাৰায়ন মূৰ্তিৰ কন্যা অক্ষতা মূৰ্তিক বিয়া কৰাইছে। বৰ্তমান তেওঁলোকৰ দুটি কন্যা সন্তান কৃষ্ণা আৰু অনুষ্কা।

২০১৫চনত ঋষিয়ে প্ৰথম ইয়ৰ্কশ্বায়াৰৰ ৰিচমণ্ডৰ আইনসভাৰ সদস্য হিচাপে ব্ৰিটেইনৰ সংসদত প্ৰৱেশ কৰে। ব্ৰেক্সিটৰ সমৰ্থন গ্ৰহণ কৰা গুৰিত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁ শীঘ্ৰেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ঋষি নিজেই ১০হাজাৰ কোটি টকাৰ আন্তৰ্জাতিক বিনিয়োগ সংস্থাৰ সহ প্ৰতিষ্ঠাতা। ৰাজনীতিত প্ৰৱেশ পূৰ্বে তেওঁ ক্ষুদ্ৰ ব্যৱসায় বিনিয়োগ সম্পৰ্কে দক্ষতা লাভ কৰিছে।

২০২০ চনত ব্ৰিটেইনৰ বিত্তমন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ পাছতে ঋষি ছুনাকৰ বাতৰিৰ মাজলৈ আহে।

ৰাজনৈতিক মহলৰ মতে সকলো ঠিকে থাকিলে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে দেখা যাব ঋষি ছুনাকক।