NORTHEAST NOW (Assamese)
অৰুণাচল

চীনৰ সেনাই অৰুণাচলৰ পৰা পুনৰ অপহৰণ কৰিলে ভাৰতীয় নাবালকক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 20, 2022 7:50 am

পুনৰ চীন-ভাৰত সীমান্তৰ অৰুণাচলত সংঘটিত হৈছে চীনৰ সেনাই কৰা এক অপহৰণৰ ঘটনা।

চীনৰ পিপ’লছ লিবাৰেচন আৰ্মীয়ে (পিএলএ) অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ ভাৰতীয় ভূখণ্ডৰ পৰা এটি ১৭ বছৰীয়া নাবালকক অপহৰণ কৰি নিয়ে।

সাংসদ তাপিৰ গাওৱে টুইটাৰত এই বিস্ফোৰক খবৰ প্ৰকাশ কৰিছে।

সাংসদগৰাকীয়ে প্ৰকাশ কৰা মতে জিলাখনৰ জিডো গাঁৱৰ নাবালক শ্ব মিৰাম টাৰনক কালি লুংটা জোৰ অঞ্চলৰ পৰা চীনৰ সেনাই অপহৰণ কৰি নিয়ে।

উল্লেখ্য অপহৰণকাণ্ড সংঘটিত হোৱা স্থানত চীনে ২০১৮ চনত ৩-৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিছিল৷

সাংসদগৰাকীয়ে কয় যে তেওঁ ঘটনাটোৰ বিষয়ে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী এন প্ৰমাণিকক অৱগত কৰিছে আৰু ভাৰতীয় নাবালকগৰাকীৰ সোনকালে মুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷

উল্লেখ্য বিগত বৰ্ষৰ ডিচেম্বৰ মাহত চীনে অৰুণাচল প্ৰদেশৰ ১৫ টা স্থান নিজৰ দেশৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰি সেই স্থানসমূহৰ নাম ঘোষণা কৰিছিল ।

চীনে অৰুণাচলৰ উক্ত অঞ্চলসমূহক “দক্ষিণ তিব্বত” বুলি দাবী কৰিছিল।

চীনে অৰুণাচল প্ৰদেশৰ প্ৰায় ৯০,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল নিজৰ বুলি বুলি দাবী কৰি আহিছে আৰু এই অঞ্চলসমূহক “জাংনান” বুলি অভিহিত কৰি আহিছে।