NORTHEAST NOW (Assamese)
অসম

বি টি আৰৰ পৰা অবড়ো গাঁও কৰ্তন নোহোৱাত ক্ষোভ যুৱ ছাত্ৰ সন্মিলনীৰ

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও January 28, 2022 1:29 pm

বি টি আৰ ৰ পৰা আজিলৈকে অবড়ো গাঁও কৰ্তন নোহোৱাত সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷

যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি কিশোৰজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিতেশ সিংহই কয় যে বিগত ২০২০ বৰ্ষৰ ২৭ জানুৱাৰীত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু এন ডি এফ বি, এবছু, বিপিএফকে ধৰি কেইবাটাও সংগঠনৰ সৈতে নতুন দিল্লীত বি টি আৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷

উক্ত চুক্তি মৰ্মে বি টি আৰ ত সোমাই থকা সীমামূৰীয়া গাঁও সমূহত ৫০ শতাংশ বড়ো লোক নথকা অবড়ো গাঁও উক্ত অঞ্চলৰ পৰা কৰ্তন কৰাৰ কথা লিপিবদ্ধ আছে ৷ এই ক্ষেত্ৰত গাঁও কৰ্তন আয়োগ গঠন কৰি চৰকাৰে বি টি আৰ ৰ পৰা ওলাই আহিব বিচৰা গাঁওসমূহৰ অবড়ো জনলাধাৰণৰ পৰা গাঁৱৰ তালিকা সংগ্ৰহ কৰি ৷

কিন্তু আচৰিত কথা এয়ে যে গাঁও কৰ্তন আয়োগে আজিলৈকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ সেয়ে বি টি আৰ চুক্তি কাৰ্যকৰী হোৱাৰ আজি দুবছৰ হ’ল যদিও চৰকাৰে গাঁও কৰ্তনৰ ক্ষেত্ৰত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাত সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে আন অবড়োৰ সৈতে ভূমিপুত্ৰ কোচ ৰাজবংশী গাঁওসমূহক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি বি টি আৰ ত জোৰকৈ সোমাই ৰাখিব বিচৰা কাৰ্যক সংগঠনটোৱে কেতিয়াও মানি নলয় বুলিও প্ৰেছ বিবৃতিটোত উল্লেখ কৰি শীঘ্ৰে উক্ত অবড়ো গাঁওসমূহ কৰ্তন কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত চামিল কৰাৰ বাবেও সভাপতি কিশোৰজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিতেশ সিংহই দাবী জনাইছে ৷