NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ কালাঝাৰত মৰ্মান্তিক ঘটনা; বিদ্যুৎস্পৃষ্ট হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু, গুৰুতৰভাৱে আহত দুজন

Posted by: চাজিদ খান, ওদালগুৰি Updated by: চাজিদ খান, ওদালগুৰি February 10, 2022 5:01 pm
labour dies

ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত গেৰেঞ্চী কালাঝাৰ গাওঁ সংযোগী আংগ্ৰা নৈৰ দলং নিৰ্মাণৰ সময়ত সংঘটিত হৈছে এক শোকাবহ ঘটনা।

আংগ্ৰা নৈৰ নিৰ্মীয়মান দলংখনৰ খুঁটা ঢালাইৰ কাম শেষ কৰি চিমেন্ট বালি মিহলি কৰা মেচিন ঠেলি আগুৱাই নিয়াৰ সময়তে ওপৰৰ পৰা পাৰ হৈ যোৱা এঘাৰ হাজাৰ ভল্টৰ বিদ্যুত্ পৰিবাহী তাঁৰৰ মেচিনৰ ওপৰ অংশই স্পৰ্শ কৰাত বিদ্যুৎস্পৃষ্ট হয় কমেও দহ-এঘাৰ গৰাকী শ্ৰমিক।

ঘটনাস্থলীতেই মেচিন ঠেলি থকা তিনিজন শ্ৰমিক ঢলি পৰি কৰুণভাবে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে আন দুই শ্ৰমিক গুৰুতৰভাবে আঘাত প্ৰাপ্ত হৈ বৰ্তমানেও জীৱন আৰু মৃত্যুৰে যুঁজি আছে।

লগতে পঢ়ক: মণিপুৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অপহৰণ অসমৰ FCIৰ ট্ৰাক চালকক

বিদ্যুৎস্পৃষ্ট হৈ নিহত শ্ৰমিক তিনিজন হৈছে দৰং জিলাৰ ধূলা ধানাৰ অন্তৰ্গত আটাকাটা গাওঁৰ ঘেৰু আলি, দলগাওঁ চপৰাবস্তী গাওঁৰ মহম্মদ আব্বাছ আলি আৰু ফকীৰ আলি।

এই শোকাবহ ঘটনাত গুৰুতৰভাবে আহত হৈ বৰ্তমানেও চিকিৎসাধীন অৱস্থাত জীৱন মৃত্যুৰে যুঁজি আছে নিজ দলগাওঁৰ বিমলা বেগম আৰু ধূলা থানাৰ অন্তৰ্গত আটাকাটা গাওঁৰ জমিৰ আলি।

দলং নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিকসকলৰ অভিযোগ মতে ঢালাই মচলা বনোৱা মেচিনখনৰ চালক জমীৰ আলিয়ে ঢালাইৰ কাম শেষ হোৱাৰ পিছতেই জোৰ জুলুমকৈ শ্ৰমিকসকলক মেচিনখন তাৰ পৰা ঠেলিবলৈ নিৰ্দেশ দিছিল আৰু উক্ত সময়তেই এই শোকাবহ ঘটনাটো সংঘটিত হৈছিল।

লগতে পঢ়ক:কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

 এই শোকাবহ ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোতেই গভীৰ শোকৰ ছাঁ পৰাৰ লগতে নিৰ্মাণ কামত নিয়োজিত শ্ৰমিকসকলৰ জীৱনক লৈ হেতালি খেলা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।