হিমন্ত বিশ্বৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন: চিৰাল ফটা দি ফাটিছে বিদ্যালয়ৰ দেৱাল

ৰাজ্যৰ ১১৯ খন চাহ বাগিচাত বহু কোটি টকা ব্যয় সাপেক্ষে আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল।
সেই পদক্ষেপৰ অংশ হিচাপে ২০২০ চনৰ ১ নবেম্বৰত অসম চৰকাৰৰ সেই সময়ৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহু কেইজন মন্ত্ৰী, বিধায়ক আৰু সাংসদৰ উপস্থিতিত লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া প্রতাপগড় বাগিচাৰ অন্তৰ্গত আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰিছিল ।
ছমাহৰ ভিতৰত এই বিদ্যালয় সমূহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা সেই সময়ৰ বিত্ত, শিক্ষা মন্ত্ৰী গৰাকী বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী হল । কিন্তু আজি পৰ্যন্ত সমপূৰ্ণ হৈ নুঠিল বিদ্যালয় সমূহৰ নিৰ্মাণকাৰ্য।
নিৰ্মীয়মাণ অৱস্থাত থকা প্রতাপগড় বাগিচাৰ বিদ্যালয়খনত এতিয়া নিৰ্মানৰ দায়িত্বত থকা ঠিকাদাৰৰ অকৰ্মণ্যতাত চিৰাল ফাট মেলিবলৈ ধৰিছে দেৱালত । ফলত ভৱিষ্যতলৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে ছাত্ৰ ছাত্ৰী সকল ।
নিম্ন মানৰ কাম কৰাৰ বাবেই নিৰ্মীয়মান অৱস্থাত থাকোঁতেই বিদ্যালয়খনৰ দেৱালত দেখিবলৈ পোৱা গৈছে বৃহৎ চিৰাল ফাট।
কিছুদিন পূৰ্বে স্থানীয় ৰাইজে নিৰ্মাণকাৰ্যৰ দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়ে । কিন্তু তাৰ পিছতো কোনো গুৰুত্ব নাই ঠিকাদাৰ কিম্বা অভিযন্তাৰ ।