NORTHEAST NOW (Assamese)
অসম

বিহুৰ সময়তে শিৱসাগৰত ১৪৪ ধাৰা জাৰি; ৰাজহুৱা স্থানত সমবেত হব নোৱাৰিব পাঁচ জনতকৈ অধিক লোক

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ April 8, 2022 6:47 am

অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ শিৱসাগৰ জিলাত ১৪৪ ধাৰা বলবৎ কৰাত জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিগত দুটা বছৰ ক’ভিডৰ বাবে অসমবাসীয়ে হেঁপাহৰ ৰঙালী বিহুটি ভালদৰে পালন কৰিব পৰা নাছিল যদিও এই বছৰত পৰিৱেশ সুস্থ হোৱাত বিহুটিক উলহ মালহেৰে পালন কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে শিৱসাগৰ জিলা প্ৰশাসনৰ হঠকৰী সিদ্ধান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশ বিতুপন নেওগে তৎকালীনভাবে সমগ্ৰ জিলাখনত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে।

লগতে পঢ়ক: একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে!

এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক লোকৰ সমাবেশ, সভা সমিতি পতা, শোভাযাত্ৰা উলিওৱা, শ্বহীদ বেদী নিৰ্মাণ, দেৱাল লিখন, শ্ল’গান ছপা কৰা, কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান কাৰ্যালয় আদিত যি কোনো ধৰণৰ বৰঙণি সংগ্ৰহ বা প্ৰদান কৰা নিষিদ্ধ কৰিছে।

জিলাখনত দুচকীয়া যানত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰা হৈছে।

জিলাখনৰ সীমামূৰীয়া অঞ্চলেদি উগ্ৰপন্থীৰ আহ-যাহ আৰু অসামাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নগালেণ্ড সীমান্তত সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬-০০ বজাৰ পৰা পুৱা ৬-০০ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে।

এই নিষেধাজ্ঞা সমূহ তৎকালীনভাবে বলৱৎ হৈছে আৰু পৰৱৰ্ত্তী ৬০ দিনলৈ বা পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। এই আদেশসমূহ অমান্য কৰা সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলিও এই নিৰ্দেশনাত  উল্লেখ কৰিছে।

লগতে পঢ়ক: কি কাৰণে একেলগে গোটেই মন্ত্ৰীসভাই পদত্যাগ কৰিলে অন্ধ্ৰ প্ৰদেশত?

প্ৰশ্ন হয় যি সময়ত অসম চৰকাৰে বিহু পাতিবলৈ বিহু সমিতি সমুহত আৰ্থিক অনুদান প্ৰদান কৰিছে তেনে সময়ত শিৱসাগৰ জিলা প্ৰশাসনে কিয় জিলাখনত ১৪৪ ধাৰা বলবৎ কৰিছে?

পাঁচজন ব্যক্তিৰ উপস্থিতিত কেনেদৰে বিহু পাতিব বুলিও শিৱসাগৰ জিলা প্ৰশাসনক প্ৰশ্ন কৰিছে একাংশ সচেতন মহলে।