DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2022 7:45 pm
WhatsApp Image 2022-04-07 at 7.09.26 PM

প্রতিনিধিত্বমূলক ফটো।

266
VIEWS
Share on FacebookShare on Twitter

এক মৰ্মান্তিক ঘটনা। এজাক কুকুৰৰ আক্ৰমণত মৃত্যু হ’ল এটি আঠ বছৰীয়া শিশুৰ। কুকুৰ জাকৰ পৰা পাঁচ বছৰীয়া ভনীয়েকক বচাবলৈ গৈয়েই প্ৰাণ হেৰুৱালে মহম্মদ হাইদৰ নামৰ শিশুটিয়ে। লক্ষ্ণৌৰ ঠাকুৰগঞ্জৰ মুচাহিবগঞ্জৰ ঘটনা এয়া।

বুধবাৰে নিজৰ ঘৰৰ বাহিৰত ওলাই হাইদৰ আৰু তাৰ ভনীয়েক জন্নতে ৰাস্তাত খেলি আছিল। তেনে সময়তে প্ৰায় ২০টাতকৈয়ো অধিক কুকুৰে একেলগে আক্ৰমণ চলায়। চাৰিওপিনৰ পৰা তেওঁলোকক কুকুৰৰ জাকটোৱে ঘেৰি ধৰে।

ভনীয়েককলৈ পলোৱাৰ কোনো সুযোগে নাপালে হাইদৰে। তেতিয়ালৈকে দুয়োজনৰে ওপৰত কুকুৰৰ দলটোৱে আক্ৰমণ আৰম্ভ কৰি দিয়ে। হাইদৰে নিজে আক্ৰমণত ক্ষতবিক্ষত হৈ পৰে যদিও ভনীয়েকক দুবাহুৰে আৱৰি ধৰি ৰাখে। তেওঁৰ চিঞৰ শুনি চুবুৰীয়া লোকসকল ঘটনাস্থলীলৈ দৌৰি আহে।

লগতে পঢ়ক: বুচাত নিহত ৯০ শতাংশ নাগৰিকক ৰাছিয়ান সেনাই গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় মেয়ৰৰ

চুবুৰীয়াসকলে ভাতৃ-ভগ্নী দুজনকে উদ্ধাৰ কৰে যদিও দুজনেই গুৰুতৰভাৱে আহত হয়। ততাতয়াকৈ তেওঁলোকক স্থানীয় হাস্পাতাললৈ লৈ যোৱা হয় যদিও হাস্পাতালত চিকিৎসকে হাইদৰক মৃত বুলি ঘোষণা কৰে। সংকটজন অৱস্থাত জন্নতক হাস্পাতালত ভৰ্তি কৰা হয়।

এই ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্য বিয়পি পৰে। বহুদিন ধৰি ৰাস্তাৰ কুকুৰবোৰ সন্ত্ৰাসৰ কাৰণ হৈ আহিছে। স্থানীয় লোকে লক্ষ্ণৌ পৌৰনিগমত অভিযোগ দাখিল কৰিছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। হাইদৰৰ মৃত্যুৰ পিছত পৌৰনিগমখনৰ ছয় নম্বৰ মণ্ডলৰ বিষয়াসকলৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ আনি পৰিয়ালে থানাত গোচৰ দাখিল কৰিছে।    

Recent News

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd