কোকৰাঝাৰ সদৰ থানাত জিগনেছ মেৱানী; থানাৰ সন্মুখত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ

কোকৰাঝাৰ আৰক্ষীয়ে সুদূৰ গুজৰাটৰ বডগাম বিধানসভা সমষ্টিৰ বিধায়ক জিগনেছ মেৱানীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে টুইটাৰযোগে আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি আজি কোকৰাঝাৰ সদৰ থানালৈ আনে৷
দেশৰ প্ৰধানমন্ত্ৰী মোডীক বিধায়কগৰাকীয়ে গডছেৰ ভক্ত বুলি ইতিকিংসূচক মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে৷
লগতে পঢ়ক: অসম চৰকাৰে ষড়যন্ত্ৰ কৰি জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছে: ভূপেন বৰা
ইপিনে, বিধায়ক মেৱানীৰ গ্ৰেপ্তাৰক বেআইনী বুলি দাবী কৰি অতি শীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত কোকৰাঝাৰ জিলা কংগ্ৰেছে থানা চৌহদৰ লগতে থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে৷
আনহাতে, সংবাদ মাধ্যমৰ আগত মেৱানীৰ অধিবক্তাই মেৱানীৰ সপক্ষে অতি শীঘ্ৰে জামিন মঞ্জুৰ কৰিবৰ বাবে সকলো ধৰণৰ আইনী সাহায্য আগবঢ়াব বুলি সদৰী কৰাৰ লগতে শীঘ্ৰেই জামিন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে৷

উল্লেখ্য যে কোকৰাঝাৰ সদৰ থানাত পঞ্জীয়ন হোৱা গোচৰ নং 183/2022 মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত বিধায়ক মেৱানীৰ বিৰুদ্ধে U/S-120(B)/153(A)/295(A)/504/505(a) (b)(c) (2) ipc R/W Sec-66 IT Act ৰ ধাৰাসমূহ আৰোপ কৰা হৈছে৷