NORTHEAST NOW (Assamese)
অসম

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কোকৰাঝাৰৰ সদৰ থানাৰ সন্মুখত প্ৰতিবাদ অব্যাহত

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ April 24, 2022 7:23 am

মোদীকলৈ কৰা টুইটৰ বাবে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কোকৰাঝাৰ সদৰ থানাৰ সন্মুখত প্ৰতিবাদ অব্যহত ৰাখিছে কংগ্ৰেছে৷

শেহতীয়াকৈ উক্ত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দলৰ বিধায়ক ভৰত নৰহৰ লগতে ৱাজেদ আলী চৌধুৰীৰ উপৰি সদৌ ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদক অজয় শিকাৰাসহ কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে অংশগ্ৰহণ কৰে৷

আনহাতে বিধায়ক মেৱানীক ৰখা কোকৰাঝাৰ সদৰ থানাত কংগ্ৰেছ দলৰ বিধায়কৰ লগতে নেতা-কৰ্মীৰ প্ৰৱেশত বাধা দিয়া কাৰ্যক কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী সদৌ ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদক অজয় শিকাৰাই গুজৰাটৰ সমাগত নিৰ্বাচনত বিজেপি দলৰ জনপ্ৰিয়তাত হ্ৰাস পোৱাৰ ভয়তে শক্তিশালী দলিত যুৱ নেতা তথা কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক এনেদৰে আবদ্ধ কৰি ৰাখিছে বুলি কয়।

ইপিনে শনিবাৰে এআইইউডিএফৰ দুই বিধায়ক ক্ৰমে কৰিমউদ্দিন বৰভূঞা(আলগাপুৰ) আৰু আশ্ৰাফুল হুছেইনে(চেঙা) কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ খবৰ ল’বলৈ কোকৰাঝাৰলৈ যায়।

সংবাদ মাধ্যমৰ আগত বিধায়কদ্বয়ে গুজৰাটৰ বিধায়ক মেৱানীয়ে অহা সোমবাৰে জামিন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে৷

তেওঁলোকে বিধায়ক মেৱানীক স-সন্মানে মুক্তি দিবলৈ দাবী জনায়।