NORTHEAST NOW (Assamese)
অসম

মহানগৰীত ছুইগী কৰ্মীৰ কৰুণ মৃত্যু

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী May 4, 2022 2:53 pm

মঙলবাৰে সন্ধিয়া গণেশগুৰি–হেঙেৰাবাৰী পথৰ দাঁতিত উদ্ধাৰ হয় দীপাংকৰ বৰা নামৰ যুৱকজনৰ নিথৰ দেহ।

পিঠিত ওলমি আছিল Swiggy লিখা থকা এটা বেগ। স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো। এখন দোকানৰ ছাটাৰত আউজি বহি থকাৰ দৰেই আছিল দীপাংকৰ।

কি কাৰণত যুৱকজনৰ মৃত্যু হ’ল সেয়া জানিব পৰা হোৱা নাই।

মৃত দীপাংক বৰাৰ ঘৰ মাণিকনগৰত বুলি জানিব পৰা গৈছে।

কেনেকৈ আৰু কিয় মৃত্যু হ’ল দীপাংকৰ? সেই প্ৰশ্নৰ উত্তৰ এতিয়াও পোহৰলৈ অহা নাই।

আৰক্ষীয়ে দীপাংকৰৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য জানিব পৰা যাব।