NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

Posted by: মৃদুল প্ৰীতম ডেকা, কামৰূপ Updated by: মৃদুল প্ৰীতম ডেকা, কামৰূপ May 21, 2022 11:50 am

হাজোত মুখ্যমন্ত্ৰীক একপ্ৰকাৰ মুকলি প্ৰত্যাহ্বান জনাইছে দালালে। মুখ্যমন্ত্ৰীৰ হুংকাৰৰ ৪৮ ঘণ্টা নৌহওঁতেই হাজোত সক্ৰিয় ৰূপত ধৰা দিছে দালাল চক্ৰ।

দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই কঠোৰ হৈছে সিমানেই যেন এতিয়া যেন সক্ৰিয় হৈ পৰিছে দালাল চক্ৰ। বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত দালাল ৰাজৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কঠোৰ হোৱাৰ সময়তে তীৰ্থনগৰী হাজো উন্নয়ন খণ্ডত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে দালাল চক্ৰক।

লগতে পঢ়ক: ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

মুখ্যমন্ত্ৰীৰ সকীয়নিক একপ্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত ১০০ নং শ্বহীদ সত্যনাথ গাঁও পঞ্চায়তৰ হিতাধিকাৰীক গৃহ প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে।

পঞ্চায়তখনৰ একাংশ বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদত দালাল চক্ৰই এতিয়া টাৰ্গেট কৰি লৈছে দৰিদ্ৰ লোকসকলক আৰু ঘৰে ঘৰে গৈ নামি পৰিছে ধন সংগ্ৰহত। এমুঠি অন্ন বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰি থকা এই সকল দুৰ্ভগীয়া লোকে পাবলগীয়া চৰকাৰী গৃহত এতিয়া যেন দালালৰ শেনচকু।

লগতে পঢ়ক: ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

আনহাতে, দালাল চক্ৰৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বাঘৰ দৰে জপিয়াই পৰাৰ হুংকাৰ প্ৰদান কৰিছে যদিও হাজো উন্নয়ন খণ্ডত মুকলিকৈ চলি থকা অবাধ দালালৰাজৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হৈ পৰিছে।