NORTHEAST NOW (Assamese)
অসম

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 22, 2022 8:19 pm

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই গেৰুৱা শিবিৰ ত্যাগ কৰি পুনৰ তৃণমূল কংগ্ৰেছলৈ উভতি আহিল বিজেপিৰ সাংসদ অৰ্জুন সিঙে।

কেন্দ্ৰক মৰাপাট নীতিক লৈ সমালোচনা কৰাৰ কেইদিনমান পিছতে বাৰেকপুৰৰ বিজেপি সাংসদ অৰ্জুন সিঙে দেওবাৰে তৃণমূল কংগ্ৰেছলৈ উভতি আহে৷ সিঙে টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলকাতাৰ কেমাক ষ্ট্ৰীটস্থিত কাৰ্যালয়ত দলটোত যোগদান কৰে৷

টিএমচিত যোগদান কৰাৰ পিছত সিঙে কয়: “তৃণমূল কংগ্ৰেছে যিধৰণে বংগৰ উন্নয়নৰ বাবে কাম কৰি আছে সেয়া প্ৰশংসাৰ যোগ্য। মৰাপাট কলৰ সৈতে জৰিতসকলে কেন্দ্ৰৰ অন্যায় নীতিৰ বাবে ভুগি থকাৰ কথাটো আঙুলিয়াই দিছিলো। কিন্তু চৰকাৰে একো নকৰিলে। বিজেপি ফেচবুক আৰু অন্যান্য সামাজিক মাধ্যমতে সীমাবদ্ধ। কেৱল ফেচবুকত ৰাজনীতি কৰাটো সম্ভৱ নহয়”।

সিঙক দললৈ স্বাগতম জনাই অভিষেক বেনাৰ্জীয়ে টুইটত কৈছে যে অৰ্জুন সিঙে বিভাজনকামী শক্তিক প্ৰত্যাখ্যান কৰিছিল আৰু আজি সেয়ে তেওঁ তৃণমূলৰ পৰিয়ালত যোগদান কৰিছে।

উল্লেখ্য অৰ্জুন সিঙে আজি আবেলি তেওঁৰ পশ্চিমবংগৰ ভাটপাৰাৰ বাসগৃহ এৰি আলিপুৰৰ এখন পাঁচতাৰকা হোটেলত উপস্থিত হয়। ইয়াৰ পিছতে তেওঁ তৃণমূলৰ কাৰ্যালয়লৈ গৈ দলটোত যোগদান কৰে।

অৰ্জুন সিঙে যোৱা বছৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ বাবে দুৰ্বল প্ৰাৰ্থী নিৰ্বাচনক দোষাৰোপ কৰিছিল। সিঙে টিএমচিত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক অনুপম হাজৰাই কয়, “যদি কোনোবাই ব্যক্তিগত লাভালাভৰ বাবে ৰাজনীতি কৰিব বিচাৰে, তেন্তে আমি এই বিষয়ে কি ক’ব পাৰোঁ। অৱশ্যে, ই এক বৃহৎ ক্ষতি।” অৰ্জুন সিঙক সমালোচনা কৰি চিপিআই (এম)ৰ নেতা সুজন চক্ৰৱৰ্তীয়ে কয়: “কেইমাহমান আগতে মমতা বেনাৰ্জীয়ে তেওঁক অপৰাধী বুলি কৈছিল। আজি তেওঁকেই মমতাই আদৰি ল’লে।”

বাৰেকপুৰ লোকসভা সমষ্টিৰ হেভিৱেট নেতা অৰ্জুন সিঙে তৃণমূলৰ টিকটত চাৰিবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিছিল আৰু প্ৰতিদ্বন্দ্বি দিনেশ ত্ৰিবেদীক পৰাজিত কৰিছিল।

লোকসভা নিৰ্বাচনৰ পিছৰে পৰা বাৰাকপুৰ সমষ্টিত বিজেপি আৰু টিএমচিৰ সমৰ্থকসকলৰ মাজত প্ৰায়ে হিংসাত্মক ঘটনা ঘটি আহিছিল।