NORTHEAST NOW (Assamese)
অসম

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 25, 2022 4:57 pm

মূল্যবৃদ্ধিৰ জুইকুৰাই সকলোক দেই-পুৰি নিছে। এনে সময়তে কেন্দ্ৰীয় চৰকাৰে কেতবোৰ বিশেষ সামগ্ৰীৰ দাম কমোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

চৰকাৰে চয়াবীন তেল আৰু সূৰ্যমুখী তেলৰ শুল্ক-মুক্ত আমদানিৰ অনুমতি দিয়াৰ সিদ্ধান্ত লোৱাৰ ফলত তেনেবোৰ সামগ্ৰীৰ দাম কিছু কমিব বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ উপৰি বিস্কুট, ঘিউ, চুলিৰ তেল, নাৰিকল তেলৰ দৰে খাদ্য সামগ্ৰীৰ মূল্যও শেহতীয়া পদক্ষেপৰ বাবে হ্ৰাস পাব।

কিন্তু আমদানি শুল্ক হ্ৰাস কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠিবলৈ কমেও তিনি মাহ সময় লাগিব। সেয়ে বিস্কুট, ঘি, চুলিত সনা তেল আদিৰ মূল্য হ্ৰাস পাবলৈ কমেও তিনি মাহ লাগিব বুলি ভেঞ্চুৰা চিকিউৰিটিজৰ মুৰব্বী বিনিত বলিঞ্জকাৰে মন্তব্য কৰিছে।

ভাৰতত নেছলে ইণ্ডিয়া, মাৰিকো, হিন্দুস্তান ইউনিলিভাৰ, ৰুচি চয়াকে ধৰি, ব্ৰিটানিয়া, ডাবৰ, কলগেট পামোলিভ, ইমামি, টাটা উপভোক্তা সামগ্ৰী, উইপ্ৰো কনজিউমাৰ কেয়াৰ আদিয়ে যোৱা দুবছৰত কেইবাবিধো সামগ্ৰীৰ দাম কেইবাবাৰো বৃদ্ধি কৰিছে।

কোভিডৰ বাবে যোগান শৃংখলা ব্যাহত হোৱাকে ধৰি কেইবাটাও কাৰণৰ বাবে কোম্পানীবোৰে সমাগ্ৰীৰ মূল্যবৃদ্ধি কৰা বুলি যুক্তি দি আহিছে। ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি ৰাছিয়া-ইউক্ৰেইন যুদ্ধই সামগ্ৰীৰ দাম বঢ়াই তুলিছে।

নেছলে ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নাৰায়ণনে ২০২১ চনৰ নৱেম্বৰত এক সাক্ষাৎকাৰত আঙুলিয়াই দিছিল যে বজাৰৰ পৰা ক্ৰয় কৰা ১৩ বিধ সামগ্ৰীৰ ভিতৰত নবিধৰ মূল্যবৃদ্ধি বিগত এক দশকত ইমান বেছি পৰিমাণে হোৱা নাছিল।

 

ইপিনে দেশত চেনিৰ মূল্য হ্ৰাস কৰিবলৈ ভাৰত চৰকাৰে বিদেশলৈ চেনি ৰপ্তানি বন্ধ অথবা সীমিত কৰাৰ সিদ্ধান্ত লৈছে।

১ জুনৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব।

অৰ্থাৎ ১ জুনৰ পিছৰ পৰা দেশত চেনিৰ দাম কমাৰ পূৰ্ণ সম্ভাৱনা আছে।