NORTHEAST NOW (Assamese)
অসম

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ May 28, 2022 2:17 pm

কলিয়াবৰৰ শালনাত এগৰাকী বোৱাৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰে’ল লাইনত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। শালনা বাপুজী প্ৰাথমিক বিদ্যালয়ৰ পিছফালে ৰে’ল লাইনত পৰি আছিল মৃতদেহটো।

মৃতদেহটো শালনা চাহ বাগিচাৰ বৰঘাটৰ ২১বছৰীয়া চান্দিনী তাঁতীৰ বুলি চিনাক্ত কৰা হৈছে। কিছু দিন পূৰ্বেহে বিবাহ হৈছিল চান্দিনীৰ।

একাংশ লোকে বোৱাৰীগৰাকীক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰাৰ বিপৰীতে আৰক্ষীয়ে এয়া ৰে’লৰ খুন্দাত নিহত হোৱা ঘটনা বুলি সদৰি কৰে।

বৰ্তমান ৰে’ল আৰক্ষী আৰু শালনা আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ আচল ৰহস্য ভেদ হব বুলি আৰক্ষীয়ে আশা কৰিছে।

আনহাতে, কিছুদিন পূৰ্বে মহিলা গৰাকীয়ে স্বামীৰ ঘৰৰ পৰা আহি নিজ মাতৃগৃহত আশ্ৰয়লৈ থকা বুলি জানিব পৰা গৈছে। মৃত্যুৰ পূৰ্বে অৰ্থাৎ আজি পুৱা প্ৰায় ৫ মান বজাত মাতৃগৃহৰ পৰা ওলাই আহি কেনেদৰে মৃত্যুক আঁকোৱালি ল’লে তাকলৈ এক ৰহস্যৰ সৃষ্টি হৈছে।