NORTHEAST NOW (Assamese)
Popular Stories

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2022 10:41 am

ভুৱনেশ্বৰৰ নন্দন কানন চিৰিয়াখানাত সংঘটিত হৈছে এক বিস্ময়কৰ ঘটনা। সাপৰ কামোৰৰ মৃত্যু হৈছে এটা পূৰ্ণ বয়স্ক সিংহিনী (মাইকী সিংহ)ৰ। ঘটনাৰ কথা জনাৰ পিছতে সিংহিনীটোক এণ্টিভেনম (বিষ প্ৰতিৰোধী) বেজী দিয়া হয় যদিও বচাব পৰা নগ’ল। চিৰিয়াখানা কৰ্তৃপক্ষৰ মতে বেজীটো দিয়াত ইতিমধ্যে বহুত পলমহৈ গৈছিল।

বাতৰি অনুসৰি, শনিবাৰে ৰাতিপুৱা নন্দনকানন চিৰিয়াখানাৰ কৰ্মচাৰীসকলে হঠাতে লক্ষ্য কৰিছিল যে সিংহিনী গংগা নিজৰ পিঞ্জৰাত অসুস্থ হৈ পৰি আছে। পশু চিকিৎসকজনক নিশা ৮-৩০ বজাত অৱগত কৰা হয়। গংগাক লগে লগে চিকিৎসকে পৰীক্ষা কৰে। তেতিয়াই বুজিব পৰা যায় যে এক বিষাক্ত সাপৰ কামোৰৰ ফলতেই বনৰজাৰ এনে কৰুণ অৱস্থা হৈছে।

লগতে পঢ়ক: Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

গংগাক ততাতয়াকৈ এণ্টিভেনম বেজী দিয়া হয় যদিও ইতিমধ্যে বহুত পলম হৈছিল। অলপ পিছতে বিশাল চেহেৰাৰ সিংহিনীটো মৃত্যুৰ কোলাত ঢলি পৰে। পিছত, চিৰিয়াখানাৰ কৰ্মচাৰীসকলে ঘাতক সাপটোও বিচাৰি পায়। সিংহৰ পিঞ্জৰাৰ ভিতৰত ফেঁটী বা সেই প্ৰজাতিৰ সাপ এটা পানীৰ টেংকিৰ ওচৰত দেখা যায়। তেতিয়াই নন্দনকানন চিৰিয়াখানা কৰ্তৃপক্ষই  বিষয়টো সম্পূৰ্ণৰূপে নিশ্চিত হৈ পৰে।

চিকিৎসকসকলে সিংহিনী গংগাক এণ্টিভেনমৰ তিনিটা ভয়েল দিছিল যদিও সেইটোৱেও কাম কৰা নাছিল। যিহেতু তেওঁক বহু সময় আগতে সাপটোৱে কামুৰিছিল সেয়ে তেতিয়ালৈকে বিষক্ৰিয়াত এই বৃহৎ বন্যপ্ৰাণীটো ধৰাশায়ী হৈ পৰিছিল। সিংহিনীটোৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে।

লগতে পঢ়ক: School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

উল্লেখ্য যে ২০১৫ চনত ইজৰাইলৰ পৰা চাৰিটা সিংহক উৰিষ্যাৰ ভুৱনেশ্বৰৰ বিখ্যাত নন্দনকানন চিৰিয়াখানালৈ অনা হৈছিল। ইয়াৰ ভিতৰত ২০১৮-ৰ আগষ্টত দুটা সিংহৰ মৃত্যু হৈছিল। এইবাৰ ১৫ বছৰ বয়সত গংগাৰ মৃত্যু হয়। ফলত ভুৱনেশ্বৰৰ প্ৰসিদ্ধ চিৰিয়াখানাখনত সিংহৰ সংখ্যা ১৬টালৈ হ্ৰাস পালে।