NORTHEAST NOW (Assamese)
অসম

প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনা; আমেঠিত হঠাতে ভাঙি পৰিল বিমান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2022 4:40 pm

প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাত পতিত বিমান। উত্তৰ প্ৰদেশৰ আমেঠিৰ ওচৰত এখন  বিমান ভাঙি পৰিছে। অৱশ্যে, দুৰ্ঘটনাটোত পাইলটজন অলপৰ বাবে ৰক্ষা পৰে। সোমবাৰে আমেঠি-ৰায়বৰেলী সীমান্তৰ মহম্মদপুৰ চুৰাই গাঁৱৰ ওচৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

জৰুৰী অৱতৰণৰ সময়ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উৰণ একাডেমীৰ ভাৰপ্ৰাপ্ত মিডিয়া বিষয়া আৰ কে দ্বিবেদীয়ে সংবাদ মাধ্যমৰ আগত কয় যে জৰুৰী অৱতৰণৰ সময়তেই হঠাতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। পাইলট অভয় পেটেল সুৰক্ষিত আছে। তেওঁক বিমানখনৰ পৰা উলিয়াই নিয়া হৈছে।

লগতে পঢ়ক: সামাজিক মাধ্যমত ‘ষ্টেটাছ’ দি নিৰুদ্দেশ শিক্ষাৰ্থী; দুই কিশোৰীৰ নিৰুদ্দেশকলৈ টীয়কত চাঞ্চল্য

আৰ কে দ্বিবেদীয়ে লগতে কয় যে বিমানখনৰ সন্মুখৰ অংশটো অৱতৰণৰ সময়ত মাটিত খুন্দা মাৰিছিল আৰু তাৰপিছতে বিমানখন দুৰ্ঘটনাত পতিত হয়।

উল্লেখ্য যে এই মাহৰ আৰম্ভণিতে উৰিষ্যাত এখন প্ৰশিক্ষণ বিমান অৱতৰণৰ  সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেই দুৰ্ঘটনাটোত পাইলটজনে নাক আৰু মুখত গুৰুতৰ আঘাত পাইছিল।