NORTHEAST NOW (Assamese)
অসম

Russia-Ukraine war: ইউক্ৰেইনৰ ক্ৰেমেনচুকৰ বিপণন কেন্দ্ৰত ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত ১৬,আহত ৪০

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2022 8:12 am

Russia-Ukraine war ইউক্ৰেইনৰ পোলেটাভা অঞ্চলৰ ক্ৰেমেনচুকৰ এটা শ্বপিং চেণ্টাৰত মিছাইল আক্ৰমণত বহু লোক হতাহত হৈছে।

শেহতীয়া বাতৰি অনুসৰি, কমেও ১৬জন লোক নিহত আৰু ৪০ জন লোক আহত হৈছে। অৱশ্যে হতাহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ক্ৰেমেনচুকৰ কেন্দ্ৰীয় চহৰৰ এখন জনবহুল শ্বপিং মলত আক্ৰমণটো সংঘটিত হোৱাৰ সময়ত ভিতৰত ১,০০০ তকৈও অধিক লোক আছিল। বিপণন কেন্দ্ৰটোত এতিয়া ব্যাপক উদ্ধাৰ অভিযান চলি আছে।

লগতে পঢ়ক: নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

স্থানীয় সময় অনুসৰি আবেলি প্ৰায় ৩:৩০ বজাত এমষ্টোৰ নামৰ শ্বপিং চেণ্টাৰত এটা মিছাইলে আঘাত কৰে। শ্বপিং চেণ্টাৰটো ৰাছিয়াৰ নিয়ন্ত্ৰিত এলেকাৰ পৰা প্ৰায় ৮১ কিলোমিটাৰ দূৰত।

ৰাষ্ট্ৰসংঘৰ এজন মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে অসামৰিক প্ৰতিষ্ঠানৰ ওপৰত এনে আক্ৰমণক তীব্ৰ গৰিহণা দিছে। পোলটাভা অঞ্চলৰ মুখ্য প্ৰশাসনিক বিষয়া ডিমিট্ৰো লুনিনে এই আক্ৰমণক “যুদ্ধ অপৰাধ” বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

মধ্য ইউক্ৰেইনৰ দানিপাৰ নদীৰ পাৰত থকা এই ঔদ্যোগিকভাৱে সমৃদ্ধ চহৰখনত প্ৰায় ২,২০,০০০ লোক বাস কৰে। ইয়াৰ পূৰ্বেও চহৰখনৰ তেল শোধনাগাৰ আৰু অন্যান্য প্ৰতিষ্ঠানত ৰাছিয়াৰ মিছাইল আক্ৰমণ হৈছিল।