NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি, সাহিত্যিক ড০ লিলি ৰাজবংশীৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2022 7:15 am

বিশিষ্ট কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ আজীবন সভ্য তথা গুৱাহাটী প্ৰশাসনিক কাৰ্য়ালয়ৰ অবৰীক্ষন সমিতিৰ প্ৰাক্তন সভাপতি ড০ লিলি ৰাজবংশীৰ সোমবাৰে বাৰ্ধক্য জনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে।

দিশপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপিকা, দিশপুৰ আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, গুৱাহাটী চিটি কলেজৰ প্ৰাক্তন অধ্যাপিকা ড০ ৰাজবংশীয়ে ২৫ খনৰো অধিক গল্প, প্ৰবন্ধ, কবিতা, সম্পাদিত গ্ৰন্থ, অনুবাদ গ্ৰন্থ ৰচনাৰে অসমীয়া সাহিত্য জগতলৈ অবদান আগবঢ়ায় থৈ যায়।

লগতে পঢ়ক: দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ; মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল জাগুন

কবি গিৰিবালা চৌধুৰী সাহিত্য বঁটা, গীতা উপাধ্যায় সেতুবন্ধন বঁটা আদি বঁটা প্ৰাপক ড০ ৰাজবংশীৰ বিয়োগত অসম সাহিত্য সভাৰ মুখপাত্র ড০ সঞ্জীৱ কুমাৰ শৰ্মাই গভীৰ শোক প্রকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।