DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 27, 2022 9:24 pm
218
VIEWS
Share on FacebookShare on Twitter

তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছে।

ছ’চিয়েল মিডিয়াৰ তথ্য পৰীক্ষা কৰা ৱেবছাইট অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক সাংবাদিক মহম্মদ জুবেইৰক আজি দিল্লী আৰক্ষীয়ে ধৰ্মীয় আৱেগত আঘাত কৰা আৰু শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

অল্টনিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই কয় যে মহম্মদ জুবেইৰক এটা বেলেগ গোচৰত সোধা-পোছাৰ বাবে দিল্লীলৈ মাতি অনা হৈছিল। কিন্তু শেষত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

তেওঁক কোনো গ্ৰেপ্তাৰৰ জাননী দিয়া হোৱা নাছিল বুলিও সিনহাই অভিযোগ কৰে। টুইটত সিনহাই কয়, “বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো আমাক কোনো এজাহাৰৰ প্ৰতিলিপি দিয়া হোৱা নাই।” আৰক্ষীয়ে অৱশ্যে কৈছে যে জুবেইৰে আৰক্ষী থানাত পঞ্জীয়ন কৰা এটা গোচৰৰ তদন্ত সন্দৰ্ভত থানাত উপস্থিত হৈছিল।

তেওঁক আৰক্ষীয়ে সোধা-পোছা কৰি আছে আৰু কাইলৈ তেওঁক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হ’ব। কংগ্ৰেছ নেতা শশী থাৰুৰে তেওঁৰ গ্ৰেপ্তাৰক “সত্যৰ ওপৰত আক্ৰমণ” বুলি অভিহিত কৰিছে, আৰু তেওঁৰ মুক্তিৰ দাবী উত্থাপন কৰিছে।২০১৭ চনত এক অলাভজনক প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা হোৱা অল্টনিউজ হৈছে বিশ্বৰ আটাইতকৈ এক পৰিচিত তথ্য পৰীক্ষণ কৰা মিডিয়া।

প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপকসকলে বছৰ বছৰ ধৰি সোঁপন্থী গোটবোৰৰ দ্বাৰা অনলাইন ট্ৰলিং আৰু আৰক্ষীৰ হালাশাস্তিৰ সন্মুখীন হৈ অহাৰ অভিযোগ উঠি আহিছে। মহম্মদ জুবেইৰৰ বিৰুদ্ধে শেহতীয়াকৈ এটা গোচৰ এমাহ আগতে উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাত ৰুজু কৰা হৈছিল।

সেই অভিযোগৰ ভিত্তিতে তেওঁক দিল্লীত গ্ৰেপ্তাৰ কৰা বুলি ধাৰণা কৰা হৈছে। আইনজীৱী প্ৰশান্ত ভূষণে তেওঁৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় “যিসকলে ঘৃণামূলক ভাষণ দিছে তেওঁলোককলৈয়েই এই চৰকাৰ চলি আছে।” সাংবাদিকগৰাকীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আন বহু বিশিষ্ট ব্যক্তিয়ে প্ৰতিবাদ কৰিছে।

উল্লেখ্য নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে সাংবাদিক জুবেইৰেই ফেক্ট চেকিঙৰ জৰিয়তে ৰাজহুৱা কৰিছিল।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd