NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ July 3, 2022 2:48 pm

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত আজি প্ৰায় ষাঠি বছৰমান বয়সৰ এজন লোক ৰৈ থকা অৱস্থাত হঠাৎ মাটিত ঢলি পৰে। আকস্মিকভাৱে এই মাটিত ঢলি পৰা লোকজনৰ সেই স্থানতে মৃত্যু ঘটে।

লোকজনৰ বিষয়ে এতিয়ালৈকে কোনোয় সম্ভেদ পোৱা হোৱা নাই। পুলিচ পইন্টৰ সমীপত সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে এগৰাকী যান বাহন আৰক্ষীৰ কনিষ্টবলে।

লগতে পঢ়ক: No link with Terror outfit: ”জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়া পৰ্যন্ত লোকজনৰ সন্ধান আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উচ্চ চাপত ভূগি থকাৰ বাবেই লোকজনৰ ষ্ট্ৰ’ক হৈ এনেদৰে মৃত্যুক সাৱটি ল’ব পাৰে সন্দেহ কৰা হৈছে।