NORTHEAST NOW (Assamese)
Uncategorized

ৰাকেশ পালৰ সম্পত্তিৰ তদন্ত কৰিব চি বি আইয়ে

Posted by: এন ই নাও নিউজ April 21, 2018 7:46 am

অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল নায়ক হিচাপে চিহ্নিত আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ অবৈধ সম্পত্তিৰ তদন্ত চি বি আয়ে কৰিব। বৰ্তমান লোকসেৱা আয়োগৰ অধ্যক্ষ পদৰ পৰা অপসাৰিত হোৱা পালে চাকৰি বিক্ৰী কৰি অবৈধভাৱে অৰ্জন কৰা ধনেৰে আহৰণ কৰা বিশাল সম্পত্তিৰ গৰাকী হৈছিল।

সম্প্ৰতি কাৰাগাৰৰ বাসিন্দা ৰাকেশ পালৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ সন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে চি বি আইক তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত ডিব্ৰুগড় আৰক্ষীয়ে চলাই আছে আৰু এতিয়া কেলেংকাৰীটোৰ মূল নায়ক ৰাকেশ পালৰ সম্পত্তিৰ তদন্ত কৰিবলৈ চি বি আইক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে।

অবৈধভাৱে উপাৰ্জন কৰা ধনেৰে বিশাল সম্পত্তিৰ গৰাকী হোৱা ৰাকেশ পালৰ সম্পত্তি বাজেয়াপ্ত হোৱাৰো সম্ভৱনা বৃদ্ধি পাইছে।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ৰাকেশ পালৰ সম্পত্তি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল। অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালে জামিন বিচাৰি কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও সৰ্বোচ্চ ন্যায়ালয়খনে প্ৰতিবাৰেই তেওঁৰ জামিন আৱেদন নাকচ কৰিছে।