NORTHEAST NOW (Assamese)
অসম

প্ৰসাদৰ বিষক্ৰিয়া: মাজুলীত ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ খাই অসুস্থ ১৮ জন লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 6, 2022 6:10 pm
Majuli

সত্ৰ নগৰী মাজুলীত এক ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ খোৱাৰ পিছতে অসুস্থ হৈ পৰিছে কমেও ১৮ জন লোক। প্ৰসাদৰ বিষক্ৰিয়াৰ ফলতে এনে ঘটনা ঘটিছে বুলি সন্দেহ কৰা হৈছে।

মাজুলী জিলাৰ গড়মূৰৰ ওচৰৰ মহৰিচুক অঞ্চলত এই ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে এক ধৰ্মীয় অনুষ্ঠানত উপস্থিত থকা গাওঁবাসীয়ে প্ৰসাদ খোৱাৰ পিছতে পেটৰ বিষত ভোগাৰ লগতে বমি কৰিবলৈ ধৰে।

লগে লগে অসুস্থ অনুভৱ কৰা ব্যক্তিকেইজন মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী চিকিৎসালয়ত ভৰ্তি হয়।

অসুস্থ হোৱা ১৮ জন লোকৰ ভিতৰত তিনিগৰাকী শিশুও আছে বুলিও জানিব পৰা গৈছে।

বৰ্তমান চিকিৎসাধীন হৈ থকা আটাইকেইগৰাকী ৰোগীৰ অৱস্থা অৱশ্যে সুস্থিৰ বুলি চিকিৎসকসকলে জানিবলৈ দিছে।